মানুহৰ বহুতৰে অন্তৰত জেতুকা পাতৰ আঁৰত লুকাই থকাৰ দৰে দুখ-বেদনা লুকাই আছে। হালিজালি নাচি থকা জেতুকা পাতৰ আনন্দতে আনন্দ মতলীয়া ভোমাৰাই উৰি ফুৰি সুযোগ বুজি জেতুকা পাতক দংশন কৰি সৰ্বনাশ কৰাৰ দৰে অন্তৰৰ বেদনা ঢাকি ৰাখি ৰঙত ৰঙীয়াল হৈ নাচি থকা মানুহক ৰস চুহি খোৱা, শোষণকাৰী মানুহে ছেগ চাই অনিষ্ট কৰে।
পৃথিৱীত থকা মানুহে পৃথিৱীৰ কথা চিন্তা নকৰি দূৰৰ জোনলৈ উৰিছে। পৃথিৱীৰ মানুহৰ মাজত থাকি মানুহৰ কথা মানুহে চিন্তা নকৰে। এই পৃথিৱীত দুখী জনৰ খবৰ ৰাখোতা কোনো নাই। সেয়ে মানৱপ্ৰেমী গীতিকাৰজনে জ্ঞানীজনক জ্ঞানৰ পোহৰ বিলাই পীড়িত জনক উজ্বলাই তোলাৰ অনুৰোধ জনাইছে—
হে জ্ঞানীবৰ, তোমাৰ দেখোন
জ্ঞানৰ প্ৰকাশ নাই।
ঢালাচোন তোমাৰ জ্ঞানৰ কিৰণ
কিজানি উঠো উজ্বলি।
(২৯) অমাৱস্যাৰ দেৱালীত ধনী-দুখী সকলোৱে পদূলিয়ে পদূলিয়ে চাকি-বন্তি জ্বলাই এন্ধাৰ আঁতৰাই পোহৰ কৰি তোলে। সেই পোহৰৰ আকৰ্ষণত ধাননি পথাৰৰ অনিষ্টকাৰী কাকতি ফৰিংবোৰ আহি জাহ যায়— ধাননি পথাৰ অনিষ্ট হোৱাৰপৰা ৰক্ষা পৰে। পোহৰ উৎসৰ এই দেৱালী বা দীপান্বিতাই মানুহৰ সমাজত থকা কাকতি ফৰিং স্বৰূপ অনিষ্টকাৰীসকলক নিধন কৰাৰ বাবে গীতিকাৰজনে দীপান্বিতাক আহ্বান জনাইছে—
গুচোৱা এন্ধাৰ সমাজ বুকুৰ
দীপান্বিতা তুমি
সমাজৰ যত কাকতি ফৰিং
নিধন কৰাহে তুমি
তোমাৰ বিমল পোহৰ ঢালি
সমাজ কৰা ৰূপালী।
(৩০) ঘৰখন সুন্দৰ হ’লে দেশখন সুন্দৰ হ’ব। বিদ্যাৰ পোহৰে দেশৰ মানুহৰ ঘৰবোৰ সুন্দৰ সুখকৰ কৰিব, ঘৰত পোহৰ পৰিব। অজ্ঞানীজনৰ দেশপ্ৰেম দেশদ্ৰোহ হোৱাৰ দৰে অজ্ঞানীৰ ঘৰত অসন্তোষে বাহ লয়। গতিকে দেশৰ মানুহৰ ঘৰবোৰ শিক্ষাৰ পোহৰেৰে পোহৰাই তুলিব নোৱাৰিলে ঘৰবোৰ মলিন