সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


প্ৰয়াত উমেশ বৈশ্য ছাৰৰ স্মৃতিত

জগত চন্দ্ৰ ডেকা
জ্যোতিকুছি, গুৱাহাটী

 শ্ৰদ্ধাৰ বৈশ্য ছাৰৰ কথা লিখিব ওলাইছো যদিও কোনো ভাষা বিচাৰি পোৱা নাই। মনতে হঠাৎ কেতিয়াবা প্ৰশ্ন জাগি উঠে সঁচাকৈয়ে আজি আমাৰ মাজত নাই জানো? বহুতো, চেষ্টা কৰিও কিন্তু লিখিব পৰা নাই। লিখিবলৈ আৰম্ভ কৰিলেই তেখেতৰ অতীত স্মৃতিয়ে মোৰ বুকুত খুন্দা মাৰি ধৰে।

 কিন্তু নিয়তিৰ পৰিহাস। সকলোৰে শ্ৰদ্ধাৰ ছাৰ আজি এই সংসাৰত নাই। চিৰদিনৰ বাবে আজি আমাৰ মাজৰ পৰা বিদায় লৈ স্বৰ্গত বাস কৰিলে। ছাৰৰ লগত মোৰ অতিকৈ ঘনিষ্ঠ সম্পৰ্কতো হ’ল—মই আছিলো ছাৰৰ এজন তলতীয়া কৰ্মচাৰী তথা বাণীকান্ত সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছিল আমাৰ দুয়োৰে কৰ্মস্থান। ছাৰে নিজ পাৰদৰ্শিতা তথা প্ৰতিভাৰ বলতে প্ৰথমে বিষয় শিক্ষক আৰু পৰৱৰ্তী সময়ত অধ্যক্ষৰ পদত অধিস্থিত হয়। জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে মই শ্ৰদ্ধাৰ ছাৰক লগ পাওঁ।

 আজি পাহৰিব পৰা নাই ছাৰে অফিচৰ কোনো কামেই মোৰ অজ্ঞাতেই কৰিবলৈ ইচ্ছা কৰা নাছিল। ছাৰে মোক কিয়বা ইমান আপোন কৰি চলিবলৈ লৈছিল এই কথা মোৰ মনত পৰিলেই বাৰুকৈ আজি বুকুখন খালি খালি লাগে। এই স্মৃতিয়ে মোৰ বাবে হৈ ৰ'ল আকাশৰ তৰা। তেখেত মোৰ কাৰণে অকল স্কুলৰ ছাৰেই নাছিল; আছিল এজনা গুৰুও। এক কথাত ক'বলৈ হ'লে ছাৰৰ আদৰ্শ আৰু মৰমেই আছিল মোৰ কাৰণে সৰ্বস্ব। হয়তো ময়ো আছিলো শ্ৰদ্ধাৰ ছাৰৰ চকুৰ মণি, কাৰণ ছাৰে বেয়া পোৱা কামত মই কোনো দিনেই। আগবঢ়া নাছিলো তথা অৱমাননা কৰা নাছিলো।

 ছাৰৰ এটা সাহস আৰু স্মৃতিয়ে মোৰ বাবেও স্মৃতি হৈ নথকা নহয়। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি। ১৯৯৩ চনত বিষয় শিক্ষক পদৰ পৰা উপাধ্যক্ষ পদলৈ কাৰ্যভাৰ বহন কৰাৰ চৰকাৰী নিদেৰ্শনা পোৱাৰ পিছতো