পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
৩১৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

চিৰজাগ্ৰত থাকিবা তুমি

উমেশ বৈশ্য

পঞ্চদশ শতিকাত শঙ্কৰে ৰাখিলে
আই অসমীৰ মান;
কুৰি শতিকাত ছাত্ৰই কৰিলে
মাতৃক মহীয়ান।
দিলে অসমীয়া দান
বধি ঘৰ-শত্ৰু বিভীষণ।
জয় জয় হে মহান শক্তি
ছাত্ৰ তোমাৰ নাম
চিৰ জাগ্ৰত থাকিবা তুমি
তোমালৈ মোৰ প্ৰণাম।
ঊনৈশ শতিকাৰ বুকুত
অসমী আইৰ সন্তান
লক্ষী, চন্দ্ৰ, হেম জননী পূজি।

হৈ ৰ'ল কীৰ্ত্তিমান।
 
   
 
কমলা কান্তই জাতীয় প্ৰেমৰ

মন্ত্ৰ কৰিলে দান
একে মন্ত্ৰেৰে টেটুফালি গ’ল
অম্বিকাই দেশৰ প্ৰাণ।
কোনো নাই আজি দেশ বচাবলৈ
অভাগী মাতৃ-ম্লান;
আছে লাখে লাখে ৰূপ কদাকাৰ
ব-ছেৰা কুসন্তান।
ৰজা-মন্ত্ৰীৰ চাতুৰী খেলত
দেশ আজি থান-বান
ৰাজ-পৰিষদৰ দেশ প্ৰেমত
উৰিল দেশৰ প্ৰাণ।
লগোৱা নাকী ছাত্ৰ শক্তি
নেৰিবা মুঠিটি টান
বন্য শক্তি নাশিবলৈ তুমি
হোৱা যেন শক্তিমান
হোৱা চিৰ আয়ুষ্মaন।

 

সদৌ অসম ছাত্ৰ সন্থাৰ ১৯৭২ চনৰ অধিবেশনৰ স্মাৰক গ্ৰন্থত প্ৰকাশিত।