পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

ঘৰ্ষণত ক্ষয় গৈ বালি-ধূলিৰ ৰূপ লয়। আনহাতে বৰফ গলি পানী হয় আৰু তাপ পাই বাষ্প হৈ উৰি যায় আকাশত আৰু তাৰ পৰা আকৌ বৰষুণৰ ৰূপ লৈ ধৰালৈ নামি আহে আৰু অতি শীতল স্থানত পানীখিনি বৰফলৈ ৰূপান্তৰ হয়। বহু যুগ ধৰি বিবৰ্তনৰ ফলত আজিৰ এই জীৱজগত। এই জীৱজগতৰ শ্ৰেষ্ঠ প্ৰাণী হ’ল মানুহ। সভ্যতাৰ উষা লগনৰে পৰা অভিজ্ঞতা আৰু জ্ঞানখিনিক পৰৱৰ্তী প্ৰজন্মক শ্ৰুতিৰূপে প্ৰদান কৰি আহা হৈছিল। এসময়ত মানুহে লিপিৰ আবিষ্কাৰ কৰিলে। লব্ধ জ্ঞানবোৰক লিপিবদ্ধ কৰাৰ চেষ্টা আৰম্ভ হ'ল। তেনেকৈয়ে বেদাদি, জেন্দাবেস্ত, বাইবেল, কোৰাণ, ত্ৰিপিটক ইত্যাদি মহান ধৰ্মগ্ৰন্থসমূহ। ঠিক তেনেকৈয়ে ইলিয়াড-ওদিচি, ৰামায়ণ-মহাভাৰত আদি কাব্যগ্ৰন্থসমূহ। এই ধাৰা ইয়াতেই শেষ হোৱা নাই। বৰঞ্চ অদ্যবধি চলি আহিছে। এনেকৈয়ে মানব সমাজৰ জ্ঞানৰ পৰিধি ক্ৰমশ প্ৰসাৰতা লাভ কৰাৰ লগে লগে শুদ্ধতা লাভ কৰি আছে। জন্ম-জীৱন আৰু মৃত্যুৰ নিয়মৰ কোনো পৰিবৰ্তন হোৱা নাই। জন্মৰ পৰা মৃত্যুৰ মাজৰ সময়চোৱাক বোলা হৈছে জীৱন আৰু এই জীৱন কালটোৱেই হ'ল আমাৰ সমাজ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। স্থান-কাল-পাত্ৰ ভেদে প্ৰতিজনে একো একোটা বৌদ্ধিক পৰিমণ্ডলৰ মাজেদিয়েই কালাতিপাত কৰে। আমি আগতে কৈ আহিছো এক অদৃশ্য শক্তিৰ কথা যিয়ে বিশ্বব্ৰহ্মাণ্ড চালনা কৰি আছে যাক আজি ব্লেক মেটেল নামেৰে নামঙ্কিত কৰা হৈছে। তেনেকৈ সমাজক পৰিচালনা কৰা সেই অদৃশ্য শক্তিৰ নাম আমি বৃহৎ অৰ্থত বৌদ্ধিক শক্তি বুলি নামাঙ্কিত কৰিব পাৰো। এই বৌদ্ধিক শক্তিৰ উৎসস্থল হ’ল আমাৰ বেদ, জেন্দাবেস্ত, ত্ৰিপিটক, বাইবেল, কোৰাণ ইত্যাদি জ্ঞানগৰ্ভ গ্ৰন্থবোৰ। আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি এই জ্ঞানগৰ্ভ পৰিমণ্ডলৰ চৌপাশে আৱৰ্তিত হৈ কালাতিপাত কৰি থাকোতে নিজৰ অবদান আগবঢ়াই গৈ থাকে। জীৱন বাটত কিছুমানে এই বৌদ্ধিক পৰিমণ্ডলৰ জ্ঞানৰ পৰিসীমা ভাঙি উজলি উঠে সূৰ্যৰ দৰে আৰু প্ৰজন্মটোক পোহৰাই তুলি আনৰ গন্তব্যৰ বাট উজু কৰি থৈ যায়। তেনে প্ৰতিভাধৰ ব্যক্তিসকল কেতিয়াবা চৰ্চিত হয় আৰু ব্যাপক প্ৰচাৰ লাভ কৰে। আন কিছু প্ৰচাৰবিমুখ লোকে জ্ঞান বিলাই নীৰৱেই মৃত্যুক আকোৱালি লয়। অৱশ্যে এনে কিছুমান পণ্ডিতৰ কথা জনা যায় যিসকলে জীৱিত কালত চৰ্চাৰ বাহিৰত আছিল আৰু মৃত্যুৰ কেইবা দশক বা শতিকাৰ পিচত চৰ্চা বা ব্যাপক চৰ্চা লাভ কৰিছে। থোৰতে জীৱনানন্দ দাসৰ কথা