পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্রাণ প্রয়াত উমেশ বৈশ্য


গৃহবাসীসকলে আমাৰ আগমনৰ সম্ভেদ বৰ কৌতুক আৰু কৌতুহলেৰে উপভোগ কৰিছিল।

 সখা নাই। তেওঁৰ শূন্যতাই মোক বিষণ্ণ কৰে। দুয়োৰে একেলগে চিন- চাব পাবলৈ একো ফটো বা কোনো ছবিৰ লেশমানো নাই। নলবাৰী মছজিদৰ ওচৰত থকা ‘শৰ্মা ষ্টুডিঅ’ নামৰ ষ্টুডিঅ’ এটাত দুয়ো একপি ফটো উঠাইছিলোঁ। খালাছ কৰা নহ’ল। ষ্টুডিঅ’ বন্ধ কৰি ফটোগ্ৰাফাৰজন ক'লৈ গুছি গ'ল নাজানিলোঁ।

 কিন্তু মোৰ মানসপটত থকা উমেশ বৈশ্যৰ ধুনীয়া ছবিখন হেৰাই যোৱা নাই। আমি দুটা ঐককেন্দ্ৰিক জীৱন চক্ৰ যেনিবা এৰাব নোৱাৰা আৱৰ্তনৰ বাবে লাহে লাহে পৃথক হৈ স্বকেন্দ্ৰ গঢ়ি সাংসাৰিক দায়িত্বত ঘনীভূত হ’লো, কিন্তু মনৰ কেন্দ্ৰবিন্দুৰ একো পৰিবৰ্তন আজিও অনুভৱ কৰা নাই।

 সখাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা, ভালপোৱা স্মৃতিপটত সজীৱ হৈ আছে আৰু সদায় যুগমীয়া হৈ ৰ’ব।•

(লেখক ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)