নতুন সংকটৰ সন্মুখীন হয়। তেওঁলোক থকা মাটিখিনি পুলিচে দখল কৰে। বৰ্তমান থকা ঠাইখিনি নানান জংঘলেৰে ভৰপূৰ পাহৰুৱা ঠাই আছিল। আৰু সেইখিনি ঠাইতেই বৰ্তমানে নিগাজীকৈ আছে।
তিনিওজনৰে সেই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। কিয়নো ঘৰ বন্ধা, বিয়া-বাৰুৰ বাবে টকা-পইচাৰ যোগাৰ কৰা সকলো কাম একেলগে কৰিবলগীয়া হৈছিল। এনেকুৱা ব্যস্ততাৰ মাজতো স্বৰ্গীয় বৈশ্যই সেই সময়ত ১৯৮০ চনৰ অসম আন্দোলনৰ সময়ত অসমীয়া জাতিৰ হকে আৱেগিকমূলক কেইবাখনো কিতাপ লিখিছিল আৰু বিক্ৰীও হৈছিল। এনেধৰণে সকলো কাম নিগাজিকৈ কৰি জীৱন যুদ্ধত ভাগৰি পৰা নাছিল। কিন্তু নিয়তিৰ কি ইচ্ছা চাকৰিৰ পৰা অৱসৰ নৌহওতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ কম বয়সতে ইহসংসাৰৰ পৰা বিদায় লয়।
বৈশ্যৰ মৃত্যু হোৱাৰ বছৰটো সঠিক ভাবে নজনাৰ কাৰণে উল্লেখ কৰিব পৰা নগ'ল। তেওঁ বৰ্তমান আমাৰ মাজত নাই যদিও সকলো কথা বতৰা সজীৱ হৈ আছে। সেয়েহে তেখেতৰ বিদেহী আত্মাই শান্তি পাওক তাৰেই শুভকামনাৰে।
(লেখক কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)