পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
সৃষ্টিৰ মাধুৰী : কৃষ্টিৰ হেঙুল

যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'ল। কোনাে কোনােৱে ন্যায়-অন্যায় হিতাহিত বিবেচনা এৰি শক্তিশালী পক্ষলৈ সঁহাৰি জনালে। কিছুমানে নির্বাক-নিষ্পণ্ড হৈ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিলে। যুদ্ধৰ গতিবিধি চাই মাজতে আকৌ উমেশ বৈশ্যৰ প্রতি প্রায় ভাগেই সঁহাৰি দিয়াৰ সময়ত কোনােজনে আকৌ বেসুৰা মাতেৰে পূর্ণমাত্রাই বিৰােধিতা দেখুৱাই জঁপিয়াই উঠিল। এনে প্রতিকুল পৰিবেশৰ মাজত এই যুদ্ধ ৬/১২/৯৩ৰ পৰা ৩/২/৯৪লৈ ১ মাহ ২৭ দিন ধৰি চলে।

 ৰণত শক্তিশালী পক্ষ পৰাভূত হয় আৰু উমেশ বৈশ্য বিজয়ী হয়। উমেশ বৈশ্যৰ প্রথম বিজয়ৰ দিনটো আছিল ১৫/১২/৯৩ আৰু পূর্ণ বিজয়ৰ দিনটো আছিল ৩/২/৯৪। যুদ্ধ জয়ৰ পিছত উমেশ বৈশ্য প্রথম বিজয়ৰ দিনটোৰ পৰা অর্থাৎ ১৫/১২/৯৩ ইং তাৰিখৰ পৰা বিদ্যালয়ৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হল।

 ১৯৯৩ চনৰ নৱেম্বৰত উচ্চ মাধ্যমিক শাখাৰ চতুর্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে শ্রীবলীন্দৰ ৰায় আহি যােগদান কৰে। ১৯৯৪ চনত বিদ্যালয়ৰ উচ্চ মাধ্যমিক শাখালৈ আহে শ্রীমতী জুৰি বৰুৱা আৰু শ্ৰীমতী কাঞ্চন দাস। সেই ১৯৯৪ চনতে উচ্চতৰ মাধ্যমিক শাখালৈ আহে ইংৰাজী বিষয় শিক্ষয়িত্রী শ্ৰীমতী নৱনীতা চৌধুৰী আৰু অসমীয়া বিষয় শিক্ষয়িত্ৰী শ্ৰীমতী দিপালী গােস্বামী।

 ১৯৯৫ চনৰ ৩১ মার্চত অধ্যক্ষা শ্ৰীযুতা ভুৱনেশ্বৰী দেৱী নানা দুর্যোগৰ ধুমুহা অতিক্রম কৰি অৱসৰ গ্ৰহণ কৰে। ১/৪/৯৫ ইং তাৰিখে উপাধ্যক্ষ শ্রীউমেশ বৈশ্যই বিদ্যালয়ৰ অধ্যক্ষৰ আসনত বহে আৰু ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰে।

 শেহতীয়াকৈ ১৯৯৫ চনৰ নৱেম্বৰত শ্ৰীমতী ৰঞ্জিতা দাসে আহি বিদ্যালয়ত যােগদান কৰে।

 বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জন্ম আৰু সংঘাতময় ক্রমবিকাশৰ এয়া সংক্ষিপ্ত ইতিহাস।

 ক্ষণিকৰ ছুটী আদিত কাম কৰি যােৱা সহকর্মী বন্ধু-বান্ধৱীসকলৰ নাম বিস্তৃতি ভয়ত এই চমু ইতিহাসত সন্নিৱিষ্ট কৰা নহ'ল। বিদ্যালয়খনৰ ক্ৰমবিকাশৰ পথত যিসকল উল্লেখযােগ্য অভিযাত্রী হ’ল সেইসকলৰ কথাহে ইয়াত লিপিবদ্ধ কৰা হ'ল।

 ১৯৭৬ চনৰ পৰা বিদ্যালয়খনৰ এম. ই. শাখাটো স্বতন্ত্রভাৱে পৰিচালিত হােৱা বাবে সেই সময়ৰ পৰা বর্তমান সময়লৈ এম. ই. শাখাৰ ক্ৰমবিকাশৰ