ৰাতুল গুৱাহাটীত পঢ়িবৰ ইচ্ছা নকৰি আঁতৰি পুনৰ গাঁৱলৈ গ'ল। শ্রদ্ধেয় বৈশ্যই গৃহ শিক্ষক হিচাপে খ্যাতি অর্জন কৰিছিল। আমাৰ ভিতৰত বিবাহ আদি ক্ষেত্ৰত পৰস্পৰে সহায়ৰ হাত বঢ়োৱা হৈছিল। আমাৰ মাজত অলপাে খেলিমেলি নােহােৱাকৈ সংসাৰৰ বােজা বহন কৰিছিলাে। লাহে লাহে বৈশ্যৰ আর্থিক স্থিতি ভাল হ’বলৈ ল'লে। সুযােগ বুজি দুই-তিনি ঠাইত মাটিও কিনিলে। তিনি ভায়েক চাকৰিত মকৰল হ’ল। পিছৰ সংসাৰ চলােৱাত সক্ষম হ'ল। সকলােকে স্বাৱলম্বন কৰি তুলিলে। ক'ব নােৱাৰাকৈয়ে ডায়বেটিছ ৰােগত আক্রান্ত হ’ল। উন্নত চিকিৎসাৰ বাবে অর্থৰ অনাটন ঘটিল। কিন্তু কোনােমতে চিকিৎসা জোৰা-তাপলি মৰা হ'ল।
হাস্পতালত থকা সময়ত বােধহয় তেখেতৰ মনে ক’বলৈ প্ৰেৰণা যােগাইছিল। তেওঁ কৈছিল-“বাহিৰৰ ডাক্তৰে যিটো সময়ত যােৱাৰ কথা কৈছিল মই আপােনাক ফাঁকি দিছিলাে। আপুনি তাৰ বাবে মােক ক্ষমা কৰি দিব। কোনাে কথা আপােনাৰ ওচৰত গােপন কৰা নাছিলাে। এইটো ভুল কৰি মই শাস্তি ভুগিছাে। মই আপােনাৰ স্বভাৱ জানাে, আপুনি ৰােগ চিকিৎসাৰ নামত যাৰ যিমানেই বিপদ নহওক পিছ হুহকি নাহে। মােৰ দুয়ােটা বৃক্ক বিকল হৈছে। অন্ততঃ তেখেতসকলে (মাদ্ৰাজৰ ডাক্তৰে) দিয়া সময়ত গ'লে ভাল ব্যৱস্থা ল'লেহেঁতেন। কিন্তু এতিয়া নিৰুপায়।” বৈশ্যই ইহলীলা সম্বৰণ কৰিলে আমাৰ চকুৰ আগতে। পৰিয়ালৰে সৈতে যিখিনি আমাৰ ফালৰ পৰা যত্ন কৰা হৈছিল সেইখিনিয়ে যথেষ্ট নহ’ল। প্রয়াত বৈশ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি পৰমাত্মাৰ ওচৰত প্রার্থনা জনাইছোঁ।
(লেখক প্রয়াত বৈশ্যৰ জ্যেষ্ঠ ভ্রাতৃপ্রতীম তথা সাহিত্য-সঙ্গীত-নাটৰ সতীর্থ, আৰ্য্য বিদ্যাপীঠ
উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)