পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


সংক্ষিপ্ত আভাস আৰু তেখেতৰ সাহিত্যকৃতিৰ পৰিচয়মূলক বিবৃতিৰে পুষ্ট ‘চমুকৈ অতুল চন্দ্ৰ হাজৰিকা’শীৰ্ষক প্ৰবন্ধটিত লেখকৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰিৱৰ্তে সাহিত্যিকজনাক জনমানসত প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ মূৰ্ত হৈছে।

 ‘বেজবৰুৱাৰ হাস্যৰস’শীৰ্ষক প্ৰবন্ধটিত কৃপাবৰী চৰিত্ৰৰ সৈতে লেখকৰ একাত্মতা ব্যঞ্জিত হৈছে। সমাজ বাস্তৱতাক ব্যংগ কৰিবলৈ বেজবৰুৱাই আশ্ৰয় লোৱা পন্থাৰ সৈতে লেখক প্ৰয়াত বৈশ্যৰ আন্তৰিক অভিব্যক্তিৰ যি আশ্চৰ্য জনক সংযোগ সেয়া তাৎপৰ্যপূৰ্ণ। অৱশ্যে বেজবৰুৱাৰ হাস্যৰসধৰ্মী ৰচনাৰ কিছুমান সূক্ষ্ম দোষ বৈশ্যৰ দৃষ্টিৰ পৰা সাৰি যাব পৰা নাই, ইয়ে তেখেতৰ সমালোচনাৰ নিৰপেক্ষতাৰ আভাস দাঙি ধৰে।

 বৰ্তমান সমাজ সংস্কাৰৰ উপায়’ শীৰ্ষক প্ৰবন্ধটিৰ জৰিয়তে সমাজ সচেতন লেখক ৰূপে নিজকে প্ৰতিষ্ঠা কৰাত প্ৰয়াত বৈশ্যই উজুটি খোৱা নাই। ৰাজনৈতিক সচেতনতাৰ অধিকাৰী বৈশ্যৰ মনৰ বিকাৰৰ কাৰণ স্বৰূপে সামাজিক দুৰ্নীতিয়ে সৃষ্টি কৰা পাৰিপাৰ্শ্বিকতা প্ৰবন্ধটিৰ পটভূমিত দৃষ্টিগোচৰ হয়। শিক্ষা আৰু জ্ঞানৰ সমাযোজনে এখন দেশক, এটা জাতিক সভ্যতাৰ শীৰ্ষবিন্দু উপনীত কৰাব পাৰে— প্ৰবন্ধটিৰ মূল বক্তব্য বিষয় এইটোৱেই।

 শাস্ত্ৰীয় সংগীতৰ সাধক প্ৰয়াত বৈশ্যৰ দুখবোধ তীব্ৰভাৱে প্ৰকাশিত হৈছে আমাৰ সংগীত কলাৰ বতৰ্মান অৱস্থা’ শীৰ্ষক প্ৰবন্ধটিত। তথাকথিত আধুনিকতাই গ্ৰাস কৰা অসমীয়া পূৰাতন কৃষ্টিৰ পথাৰখন আৰু তাৰ কাৰণ- সমূহৰ বিজ্ঞানসন্মত বিশ্লেষণে প্ৰবন্ধটিৰ সৰহ সংখ্যক ঠাই অধিকাৰ কৰিছে। শিক্ষা ব্যৱস্থাত অনাদৃত সংগীত কলাৰ বাবেই যে সাংস্কৃতিক দাৰিদ্ৰৰ জন্ম সেই কথা উন্মুক্ত হৈছে। প্ৰসিদ্ধ পণ্ডিত বেণুধৰ শৰ্মাৰদ্বাৰা উচ্চ প্ৰশংসিত প্ৰবন্ধটি সংকলনখনৰ বৈভৱৰ অন্যতম প্ৰতীক।

 পশ্চিমীয়া শিক্ষানীতিৰ গভীৰ আলোকপাত আৰু ভাৰতবৰ্ষত তাৰ প্ৰয়োগৰ ফলত শিক্ষাক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ উল্লেখ কৰি শিক্ষা পদ্ধতি সংস্কাৰ কৰাৰ বাবে ভালেমান পৰামৰ্শ সন্নিৱিষ্ট হৈছে বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়' শীৰ্ষক প্ৰবন্ধটিত। এগৰাকী শিক্ষকৰূপে কৰ্মৰত প্ৰয়াত বৈশ্যই নিজস্ব অভিজ্ঞতা আৰু সূক্ষ্ম দৃষ্টিকোণেৰে আগবঢ়োৱা পৰামৰ্শসমূহ আজিৰ সময়তো প্ৰাসংগিক। প্ৰবন্ধটিত ৰাজনৈতিক অনগ্ৰসৰতাৰ প্ৰসংগয়ো ভুমুক দিছে।

 ‘অসমত সংগীতৰ ৰূপ আৰু ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ