পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


আই অসমীৰ একেখন চোতালত
 আমি সাতোজনী ভনী
যুগ যুগ ধৰি একেলগে
 মিলি কৰিলোঁ কত ধেমালি,
আজি বিভেদকামীৰ চাতুৰী খেলত
 হেজাৰ হাতীৰ হেৰুৱালো বল
 ................
দূৰ অতীতৰ মৰম চেনেহ
 হ’ক জ্যোতিষ্মান,
ঐক্য ডোলেৰে বান্ধ খাই কৰোঁ
 পোহৰৰ অভিযান। (প্ৰগতিৰ গানঃ ১২)

 বিশ্ববন্দিত পল ৰবচনৰ (Paul Robson) পৰিবৰ্তনকাৰী গীতে ড° হাজৰিকাক অনুপ্ৰাণিত কৰাৰ দৰে বোধহয় উত্তৰসুৰী সকলো গায়ক আৰু গীতিকাৰক অনুপ্ৰাণিত কৰিছিল। ই কাৰোবাৰ বাবে আছিল পৰিবৰ্তনকাৰী সুৰ, কাৰোবাৰ বাবে মানৱ দৰদী সুৰ আৰু আৰু প্ৰয়াত উমেশ বৈশ্যৰ বাবে হয়তো আছিল প্ৰগতিৰ সুৰ-

বিহুৰ বৈজয়ন্তী তলত
কৰো আমি পণ
গগণচুম্বী উদাৰ অসীম
হ’ক আমাৰ মন
বিশাল মনৰ পৰিধিৰে
বিশাল বিশ্বক আকোঁৱালি
গাওঁ প্ৰগতিৰ গান। (প্ৰগতিৰ গানঃ ৪৬)•

প্ৰসংগ পুথিঃ
বৈশ্য, উমেশঃ “প্ৰগতিৰ গান”, বিৰুবাৰী, গুৱাহাটী, জীৱনজ্যোতি সঙ্গীতাশ্ৰম, ২০১০
 মুদ্ৰিত।

(লেখক ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক।)