পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য অসমী আইৰ আজি মৃতপ্ৰায় অৱস্থা দেখি দেশপ্ৰাণ লক্ষ্মীনাথৰ বিদেহী আত্মাই হিয়াধুনি কান্দিছে, অসমী আয়ে চকুলো টুকিছে বুলি ভাবি দেশপ্ৰেমৰ ভাবত উদ্বুদ্ধ গীতিকাৰজনে অন্তৰত গভীৰ বেদনা অনুভৱ কৰিছে; উদাসীনতাৰে মন ভাৰাক্ৰান্ত হৈ পৰিছে। অসমৰ বিহুতলী আৰু অসমীয়া মানুহৰ ৰূপ সলনি হৈছে, পূৰ্বৰ পৰিবেশহীন বিহুৱে আজি বেজাৰ-বিষাদেৰে বিদায় মাগিছে। অসম আৰু ভাৰতৰ নানা জাতি-উপজাতিৰ সংমিশ্ৰণে বিহুতলী ৰঙীন কৰিছে। ভাৰতীয় সকলো জাতিয়ে নিজৰ চিনাকি জিলিকাই ৰাখিছে; কিন্তু নিজক নিচিনা অসমীয়া জাতিয়ে নিজৰ চিনাকি হেৰুৱাই আনন্দত কিৰিলি পাৰি থকা দেখি অসমী আয়ে গভীৰ বেদনাত উচুপি কান্দিছে। গীতিকাৰজনৰ এই উপলব্ধিত গভীৰ দেশপ্ৰেম পৰিষ্ফুট হৈছে—

আই ভাৰতীৰে সকলো জাতিৰে
জিলিকি উঠিছে নিজৰে চিনাকি
নিজকে নিচিনা অসমীয়া জাতি
হেৰুৱাই চিনাকি মাৰিছে কিৰিলি
তাকে গুণি গুণি মোৰ আই অসমী
উচুপি উচুপি কান্দিছে।

 (৪৩) নতুন দিনৰ সূৰ্যোদয়ত উদাসীন, কৰ্মবিমুখ জনতাৰ টোপনি ভঙাত, দলিত-পীড়িত সকলোৱে মুক্তি যুঁজৰ আহ্বান দি নকৈ সমাজ গঢ়াৰ বাবে আগবাঢ়িছে। সকলো জাতি একগোট হৈ, এখন বাগিছাৰ ফুলৰ দৰে, বাধা-বিঘিনি আঁতৰাই সমাজ গঢ়াৰ পণ ল’বলৈ গীতিকাৰে আহ্বান জনাইছে—

ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুৱাত
হক এই অঙ্গীকাৰ।

 (৪৪) ‘আমি’ অৰ্থাৎ মানুহ সুৰৰ, ছন্দৰ পূজাৰী, উপাসক। জনমৰ আদিম পুৱাত, আইৰ কোলাত, কান্দোন পাহৰা নিচুকনি গীতৰ সুৰ, ভৰ জীৱনত সুৰ আৰু জীৱনৰ বিয়লি বেলাতো, মৰণৰ বেলাতো বিদায়ৰ সুৰ। সুৰ সাগৰতে মানুহৰ জীৱন-মৰণ নিহিত আছে। গীতিকাৰজনে ইয়াত সুৰৰ পূজাৰীৰূপে আত্মপ্ৰকাশ কৰিছে—