পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


জ্ঞানপীঠ বঁটা বিজয়ী
ড° মামণি ৰয়ছম গোস্বামীৰ একাষাৰ

 প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ সংকলন “প্ৰগতিৰ গান”ৰ বাহিৰে মই অসমৰ বাহিৰত আছিলো কাৰণে তেওঁৰ অনেক মূল্যৱান গীত মই পঢ়া নাছিলো।

 কিন্তু “প্ৰগতিৰ গান” পঢ়ি মই বৰ ভাল পালোঁ। এই গীতবোৰৰ মাজেৰে গীতিকাৰে অসমীয়া মানুহক সজাগ কৰিও দিছে

“(আজি) লাচিতৰ পুলি পোখাৰ চিন চাব নাই
ধোদৰ পুলি পোখাই জকেমকাই
কৰিছনে মন হেৰ অসমীয়া কাই?
টং কৰি চা আমাৰ কিনো বিলাই
জাগ্ৰত হ সেয়ে খোদ পুতাই
এয়াতো শুৱাৰ সময় মুঠেই নহয়।”

আনহাতে গীতিকাৰ গৰাকী আশাবাদীও⸺

“ফুল বাগিছাৰ মালী আমি
আমাৰ চেনেহ প্ৰাণে প্ৰাণে
সুবাস বিলাই জগৎ জিনিম
সুবাস বিলাই জগৎ জিনি
হ’ম কীৰ্তিমান
এই যে আমাৰ পণ॥”

 প্ৰয়াত উমেশ বৈশ্যৰ ৰচনাৱলী সমূহে অপূৰ্ব। পাঠকে নিশ্চয় তেওঁৰ লেখা আদৰি ল’ব।

ড° মামণি ৰয়ছম গোস্বামী
গান্ধীবস্তি, গুৱাহাটী
১৩।০৬।২০১০