জুইৰ দৰে দপ্দপাই জ্বলি উঠি নিমিষতে নুমাই যাম। বিশ্বত এনে কিছুমান সাহিত্যিক আছে যিবোৰ শাল কাঠৰ জুইৰ দৰে গহীন। ধীৰে ধীৰে জ্বলে; কিন্তু পলমকৈ নুমাই। সাহিত্যিকবিলাক এঙাৰৰ দৰে পুৰি যায়, কিন্তু ইয়ে দিয়া পোহৰত বিশ্বই জিলিকনি পাই...।’ শৰ্মাদেৱে কথাখিনি মনপুতি শুনিলে।
সাহিত্য সাধনা কেনেকৈ কৰে, লিখাবোৰ সাহিত্য হোৱাটো কেনেকৈ জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত গোহাঞিদেৱে কৈছিল, “লিখা, এনেয়ে পেলাই থোৱা, সময়ে তাৰ বিচাৰ কৰিব।'...” গোহাঞিদেৱৰ এই সাৰুৱা উপদেশপূৰ্ণ বাণীয়ে দেউতাক বহু গুণে অনুপ্ৰাণিত কৰিছিল।
১৯৬১ চনত নলবাৰী কলেজৰ ২য় বাৰ্ষিক বিজ্ঞানৰ ছাত্ৰ হৈ থাকোঁতে সৌভাগ্যবশতঃ নলবাৰীৰ কিতাপৰ দোকান এখনত অসমীয়া সাহিত্যৰ ওজা- সাহিত্যিক তথা প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱৰ লগত দেউতাৰ চিনাকি হয়। তেখেতেও প্ৰথম দৰ্শনতে দেউতাৰ ভিতৰৰ শিল্পী সত্তাক চিনি পাইছিল আৰু সেই স্থানতে প্ৰায় দুঘণ্টা সময় দেউতাৰ আগত এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত অনৰ্গল বক্তৃতা দি গৈছিল। এই ঘটনাৰ পিছতে দুয়োৰে মাজত এক মধুৰ ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু তেখেতে দেউতাক সাহিত্য সৃষ্টিত নানান ধৰণে প্ৰেৰণা যোগাইছিল।
এই প্ৰসংগতে দেউতাৰ ডায়েৰীৰ আৰু কেইটামান পৃষ্ঠাৰ কথা উল্লেখ কৰা হ’লঃ
“১০ জানুৱাৰী ১৯৬৫ চন। কিতাপ পঢ়াতকৈ মানুহ পঢ়া ভাল। মই বেণুধৰ শৰ্মাৰ ঘৰলৈ গৈ তেখেতৰ লগত দুঘণ্টা কথা পাতো। বুৰঞ্জীমূলক কথাই বেছি। তেওঁ কয়—
আজিৰ সাহিত্যত seriousness নাই। গোহাঞিবৰুৱা আদি পুৰণি সাহিত্যিকৰ ৰচনা পঢ়িলে সাহিত্যৰ ভেটি গঢ়ি উঠিব পাৰে। কিতাপৰ তালিকাখন তেখেতে মোক কৰি দিব। নামনি অসমত দেখুৱাব লগা কৃষ্টিৰ ভিতৰত ওজাপালিয়ে প্ৰধান। বাকীবোৰ প্ৰায় উজনি অসমত। কাৰণ হ'ল..." “৫ মাঘ, ১৯/১/৬৫ বালিলেছা।
বেণুধৰ শৰ্মাৰ বালিলেছা দৰ্শন। মন্দিৰৰ নিৰ্মাণ কাল আৱিষ্কাৰ। গৌৰীকান্ত সিংহৰ দিনত ১৬৯১ খৃঃত ই নিৰ্মিত। নামদোঙ্গাৰ ৰজত মজুমদাৰৰ ঘৰত থকা পুৰণা কাগজৰ প্ৰমাণত প্ৰমাণিত। ই এক যুগান্তকাৰী ঘটনা। বালিলেছাৰ লুপ্ত বুৰঞ্জী শ্ৰীশৰ্মাৰ সৌজন্যত উদ্ঘাটন হয়। বালিলেছা ৰাইজে