পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

তেল শোধানাগাৰ আন্দোলন, চীনা যুদ্ধত ভাৰত চৰকাৰৰ অসমৰ প্ৰতি মনোভাৱ আদিয়ে এনে চিন্তা চেতনাক ত্বৰান্বিত কৰিছিল। বৰভাগ এই দিশত আগৰণুৱা আছিল। অসম গৌৰৱ জননেতা গৌৰীশংকৰ ভট্টাচাৰ্য, গণনেতা সাংসদ ধীৰেশ্বৰ কলিতাৰ প্ৰভাৱ আৰু নেতৃত্বত বৰভাগত এক গণ জাগৰণ আৰম্ভ হৈছিল। ফলশ্ৰুতিত বৰভাগত প্ৰতিষ্ঠিত হৈছিল সদৌ বৰভাগ প্ৰগতিশীল ছাত্ৰ সন্থা। প্ৰগতিশীল ছাত্ৰ সন্থাৰ প্ৰথম গণ অভিৱৰ্তন মহা ধুমধামেৰে আয়োজিত হৈছিল বিষ্ণুৰাম মেধি হাইস্কুলত ১৯৬৩ চনত। অভিৱৰ্তনৰ সকলো সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব আছিল শিক্ষক শিল্পী উমেশ বৈশ্যৰ ওপৰত।

 উমেশ বৈশ্যই অনুষ্ঠানত গীত ৰচনা কৰি এক শ্ৰেণী শিল্পী গায়কক প্ৰশিক্ষণ দি অতি সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকলৰ স্মৃতিপটত উমেশ বৈশ্যৰ সংগীত সাধনা আৰু নেতৃত্ব আজিও উজ্জ্বল ৰূপত আছে। উমেশ বৈশ্য প্ৰকৃততে এগৰাকী শিল্পী আছিল; শিল্পীসকল যিহেতু বিপ্লৱী পৰিৱৰ্তনকামী বৈশ্যদেৱ এগৰাকী অক্লান্ত সেনানী আছিল। পৰৱৰ্তী সময়ত তেখেতে ১৯৬৬ চনৰপৰা মৃত্যুৰ সময়লৈকে গুৱাহাটী বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। আমি আগতে উল্লেখ কৰিছো তেখেত আছিল অসমৰ মধ্যবিংশ শতিকাৰ আদৰ্শ শিক্ষকৰ প্ৰতিভু।

 বিশিষ্ট আধুনিক জীৱনীকাৰ ‘আন্দ্ৰে মৰৱাৰ' ইংৰাজী ৰোমাণ্টিক কবি শ্যেলীৰ নতুন জীৱনী 'এৰিয়েল’ত শ্যেলীৰ মৃত্যুৰ ৫৬ বছৰ পিছতো তেওঁৰ অসাধাৰণ প্ৰকৃতি আৰু জীৱনেৰে কিমানৰ মনত কেনে ঢৌ তুলি গৈছে আৰু সেই ঢৌ তেওঁৰ জীৱনৰ অৰ্ধ শতাব্দীকাল পিছতো কেনেকৈ মাৰ যোৱা নাছিল তাৰ ইংগিত দিবলৈ লেখক মৰৱাৰে এগৰাকী নাৰীৰ চৰিত্ৰ অংকন কৰিছে। এক তৰুণ জীৱনীকাৰে শ্যেলীৰ জীৱন ৰচিবলৈ উপাদান বিচাৰি শ্যেলীৰ লগত সম্পৰ্ক থকা এক বৃদ্ধা মহিলাৰ ওচৰ পাইছে। তৰুণ জীৱনীকাৰে যেতিয়া বৃদ্ধাক শ্যেলীৰ নাম উচ্চাৰণ কৰিলে তেতিয়া বৃদ্ধাৰ সোতোৰা-সুতুৰি গালত এনে এক ৰংচঙীয়া হাঁহি বিৰিঙি উঠিল, যি হাঁহিত ধৰা পৰে ওঠৰ বছৰীয়া এক মোহনীয় গাভৰুৰ সৌন্দৰ্যৰ আভাস আৰু প্ৰতিশ্ৰুতি। উমেশ বৈশ্যদেৱেও তেখেতৰ মৃত্যুৰ প্ৰায় দুটা দশক পিছতো তেখেতে শিক্ষকতা