সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

অহা-যোৱা কৰিছিল আৰু কিছুমান ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ প্ৰাইভেট টিউচন কৰি ফুৰিছিল; তেতিয়া কেতিয়াবা মই আৰু কিছু ছাত্ৰ-ছাত্ৰীয়ে দেখিছিলো যে তেওঁ অহা-যোৱা কৰা ৰাস্তাৰে চাইকেলখন হাতেৰে লাহে লাহে ঠেলি খোজকাঢ়ি গৈছিল আৰু হাতেৰে অংগী-ভংগী কৰি মুখেৰে সংগীতৰ ৰাগবোৰ আওৰাই গৈছিল। কাৰণ, তেখেতে শিক্ষকতা কৰি কিছু বেছিকৈ সময় উলিয়াই সংগীত সাধনা ঘৰতেই কৰিবলৈ সময় নাপাইছিল।

 এটা ডাঙৰ পৰিয়াল। মাথোঁ শিক্ষকতা। ওপৰঞ্চি অলপমানো টকা নাই। ছাৰৰ প্ৰতিজন লৰাই পঢ়াশুনাত ভাল। খৰছ বহুত। সেয়েহে ছাৰে শিক্ষকতা আৰু টিউচন কৰিয়েই বেছিভাগ সময় অতিবাহিত কৰিব লগা হৈছিল।

 ছাৰে ১৯৭৭ চনত লক্ষৌৰ ভাটখাণ্ডেৰ পৰা প্ৰথমা, মধ্যমা উত্তীৰ্ণ হৈ বিশাৰদত নাম ভৰ্তি কৰে। তেতিয়া তেখেতে সংগীত সাধনা কৰিবলৈ (ঘৰতেই বহি থাকি) সময় নাপাইছিল; কাৰণ, তেখেতে শিক্ষকতা কৰিছিল। ১৯৭৪ চনত গুৱাহাটীৰ মাধৱদেৱপুৰস্থিত গন্ধৰ্ব সংগীত মহাবিদ্যালয়তো সংগীত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটীৰ কালাপাহাৰস্থিত তেতিয়াৰ অসম মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰিছিল। বিৰুবাৰী, কালাপাহাৰ, গোপীনাথ নগৰ আদি ওচৰ-পাজৰৰ অঞ্চলৰ বেছিভাগ ল'ৰা-ছোৱালীক তেওঁ সংগীত শিক্ষা প্ৰদান কৰিছিল আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰীও বহুত কেইজন আছিল। ছাৰে বিৰুবাৰীৰ নিজ বাসগৃহতেই ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’ নামকৰণেৰে সংগীত বিদ্যালয় এখন স্থাপন কৰি মৃত্যু পৰ্যন্ত সংগীত শিক্ষা প্ৰদান কৰি সংগীত চৰ্চা কৰি গৈছিল। ছাৰে কেইবাটাও গীত ৰচনা কৰিছিল। আমি তেখেতে লিখা আৰু সুৰ দিয়া গান স্কুলত কোৰাছ হিচাপে বা সভা- সমিতিৰ আৰম্ভণীৰ সমবেত সংগীত হিচাপে গাইছিলোঁ।

 তেখেতে গীত, কবিতা, প্ৰবন্ধ, গল্প সকলো ৰচনা কৰিছিল; তেখেতৰ অসমীয়া সাহিত্যতো অগাধ জ্ঞান আছিল। তেখেতে ৰচনা কৰা ‘অশান্ত জন্মভূমি’ (১৯৭৯ চনত প্ৰকাশিত) মই পাইছিলোঁ আৰু পঢ়িছিলোঁ। তেখেতৰ এইখন অতি সুন্দৰ কবিতা সংকলন আছিল।

 তেখেতে ৰচনা কৰা পুথিৰ ভিতৰত ‘ৰচনা মালিকা’ (১৯৭৭ চন), ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়’ (১৯৭৮ চন), অশান্ত জন্মভূমি (১৯৭৯ চন), ‘তই যুক্তি যুদ্ধ কৰ’ (১৯৮০ চন), ‘ মিলন’ (১৯৮০ চন) এই কেইখনেই আছিল প্ৰধান।