পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

উন্নত হোৱাত উমেশ বৈশ্যয়ো ক্ৰমান্বয়ে পদোন্নতি লাভ কৰি অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। বিদ্যালয়খনে উচ্চতৰ মাধ্যমিকলৈ উন্নত হোৱাত বৈশ্য ডাঙৰীয়াই প্ৰথমে বিষয় শিক্ষক পদলৈ প্ৰমোচন লাভ কৰে। পিছত ১৯৯৩ চনত বিদ্যালয়খনৰ উপাধ্যক্ষ আৰু ১৯৯৫ চনত তেওঁ বিদ্যালয়খনৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰে। সেই সময়ত এই লেখিকায়ো এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাত কৰ্মসূত্ৰেও বিভিন্ন সভা-সমিতিত তেখেতক লগ পাইছিলো আৰু বিদ্যালয়ৰ প্ৰশাসনিক দিশৰ বিষয়ে তেখেতৰ লগত কেতিয়াবা ব্যক্তিগত ভাবেও কথা-বতৰা পাতিছিলো। ওচৰ চুবুৰীয়া আৰু কৰ্মসূত্ৰে এনেদৰে লগ পাওঁতে জানিব পাৰিছিলোঁ বৈশ্য ডাঙৰীয়াৰ মাজত থকা আন গুণাৱলীসমূহৰ বিষয়ে। বৈশ্য ডাঙৰীয়াৰ পত্নী শ্ৰীমতী ৰিণা বৈশ্যৰ পৰাও বৈশ্যৰ মাজত নিহিত গুণাৱলীসমূহৰ বিষয়ে জানিছিলো। বিশেষকৈ উমেশ বৈশ্যই গান গোৱা, মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰা কৰ্মৰাজিৰ বিষয়ে বৈশ্যৰ সুযোগ্যা পত্নীয়ে অতি উৎসাহেৰে আৰু আনন্দেৰে মোৰ আগত প্ৰকাশ কৰিছিল। এবাৰ তেওঁলোকৰ ঘৰত থকা বিভিন্ন বাদ্যযন্ত্ৰ- সমূহ দেখি মই সেইবোৰ কোনে বজায় বুলি সোধাত শ্ৰীমতী বৈশ্যই উৎসাহেৰে বৈশ্য ডাঙৰীয়াৰ মিউজিকত থকা ৰাপৰ বিষয়ে কৈছিল। শিক্ষকতাৰে জীৱন আৰম্ভ কৰা প্ৰয়াত উমেশ বৈশ্য প্ৰয়োজনীয় গুণাৱলীসমূহেৰে প্ৰকৃততেই এজন শিক্ষক আছিল, যাৰ জীৱনৰ উদ্দেশ্যই আছিল শিক্ষক হোৱা। বিভিন্ন বিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা আৰম্ভ কৰি শিক্ষকতা কৰিবলৈ সক্ষম হোৱা কথাটোৱেই প্ৰয়াত বৈশ্য যে এগৰাকী প্ৰকৃত শিক্ষক আছিল আৰু শিক্ষকৰ প্ৰয়োজনীয় গুণসমূহ তেওঁৰ মাজত নিহিত আছিল সেই কথাৰ ইংগিত দিয়ে। এই গুণাৱলীসমূহ থকা হেতুকে তেওঁ সহজতে বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰিবলৈ সক্ষম হৈছিল।

 এজন দক্ষ শিক্ষক হ’বলৈ হ'লে এজন ভাল ছাত্ৰও হ'ব লাগিব। অৰ্থাৎ এজন শিক্ষকৰ মাজত অধ্যয়নৰ স্পৃহা সদায় সততে থকাটো প্ৰয়োজন। যিটো প্ৰয়াত বৈশ্যৰ মাজত নিহিত আছিল। সেইবাবেই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়েই শিক্ষকতাৰে জীৱন আৰম্ভ কৰিলেও বৈশ্য ডাঙৰীয়াই তেওঁৰ অধ্যয়ন পিপাসা অটুট ৰাখিছিল যাৰ বাবে তেওঁ ছাত্ৰক পঢ়ুওৱাৰ লগতে নিজেও এজন ছাত্ৰ হৈ পঢ়ি আই, এছচি., বি.এ. আৰু পিছত এম.এ. ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।