পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৬
৩৫৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

(হেমভায়ে প্ৰয়াত উমেশ বৈশ্যলৈ লিখা চিঠি)

শান্তি সাধনা আশ্ৰম
গুৱাহাটী-২৮
৩। ৬

শ্ৰদ্ধেয় ডাঙৰীয়া,
 ভক্তিপূৰ্ণ প্ৰণাম যাচিলো, আশাকৰো পৰমেশ্বৰে আপোনালোক সৱাতিকে কুশলে ৰাখিছে।
 ১৯৮৫ চনৰ গীতা সন্মিলনৰ পাচৰ পৰা শান্তি সাধনা আশ্ৰমৰ ওপৰেদি বহুত ধুমুহা পাৰ হৈ গৈছে আৰু ওচৰৰ বশিষ্ঠ নদীয়েদি বহুত পানী বৈ গৈছে। আপোনাসৱৰ কৃপা সদিচ্ছা আৰু সহযোগত জন্ম লোৱা এই আশ্ৰম বিশ্ব মানৱৰ বিশ্ব শান্তি, বিশ্ব প্ৰেমৰ সংকল্পলৈ যি সেৱা কাৰ্য্যত অৱতীৰ্ণ হৈছিল সেই সংকল্পক লৈ ভবিষ্যতৰ ফালে আগবাঢ়ি যাবলৈ আজিও বচন বদ্ধ, তাৰ কাৰণে লাগিব আপোনাসবৰ পথ প্ৰদৰ্শন আৰু সক্ৰিয় সহযোগ আগতকৈ বেছি। যোৱা দুবছৰ ধৰি এই অধম শান্তি সাধনা আশ্ৰমৰ পৰা দৈহিক ভাবে আঁতৰি আছিল যদিও যোৱা ৮ এপ্ৰিল তাৰিখে আহি আশ্ৰম পালেহি। ইতিমধ্যে শান্তি সাধনা আশ্ৰম অসম গো সেৱা সমিতিৰ পৰা বেলেগ হব লগা হল।
 এই নতুন পৰিস্থিতিৰ পৰিপেক্ষিতত অহা ১৪ জুন ৰবিবাৰে পুৱা ৯ বজাত আশ্ৰম প্ৰাঙ্গনত বচা বচা মিত্ৰসকলক লৈ এখন বিশেষ সভা আয়োজন কৰি আপোনাক আগ্ৰহেৰে নিমন্ত্ৰণ জনালো। আশা কৰো আপুনি দয়া কৰি এই সভাত উপস্থিত থাকি আশ্ৰমৰ উন্নতিৰ অৰ্থে সহযোগ প্ৰদান কৰিব।

বিষয়সমূহ :-
১। আশ্ৰমৰ ভবিষ্যতৰ উন্নতিৰ সম্পৰ্কে।
 আলোচনা ও কাৰ্য্যকৰী ব্যৱস্থা
২। অন্যান্য আলোচনা
ইতি—
বিনীত
হেমভাই।
৩। ৬। ৮৭