পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


..............................
গাওঁ মিলনৰ গান।

 এইখন পৃথিৱীত মানুহ (জীৱশ্ৰেষ্ঠ?) অমানুহ হোৱাৰ প্ৰধানতঃ কাৰণ দুটা— Money and Power. মুখা পিন্ধা ভদ্ৰলোকসকলে ক্ষমতা পালেই অন্ধ হৈ পৰে। তেতিয়া 'ৰক্ষকেই ভক্ষক’ হৈ প্ৰজাক শোষণ কৰিব ধৰে। ভগৱান বুদ্ধ তথা মহাত্মা গান্ধীৰ দৰে মহৎ পুৰুষৰ মহান বাণীসমূহ তথাকথিত সমাজসেৱকে (?) ভৰিৰে গচকি মেহনতী জনতাৰ কলিজাৰ কেঁচা তেজ পান কৰিব লাগিছে। 'ৰাতিটোতেই হাতীটো’ হোৱা এচাম ৰাজনীতিক, সাহিত্যিক তথা বুদ্ধিজীৱিকো সেইবাবেই হয়তো গীতিকাৰে সাৱধান কৰি দিছে—

হে ক্ষমতা, তোক ধিক্ শতধিক
নেতা-নেত্ৰীৰ তই প্ৰতিজ্ঞা ভুলালি
.............................................
দেশপ্ৰেমিক তই ভুল পথে ওলালি
ক্ষমতান্ধ হৈ প্ৰতিজ্ঞা ভুলিলি
জ্ঞানান্ধ হৈ তই আদৰ্শ নাশিলি।

 গীতিকাৰৰ নষ্টালজিক চিন্তা, গ্ৰন্থখনৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। নানা ঘাত-প্ৰতিঘাতেৰে জৰ্জৰিত হৈ যিদৰে দাৰ্শনিক ৰুচোৱে প্ৰকৃতি ৰাজ্যলৈ উভতি যাব বিচাৰিছিল, ঠিক সেইদৰে আমাৰ সমাজ ব্যৱস্থাৰ ভাঙোনমুখী গতি দেখা পাই গীতিকাৰে সহজ-সৰল হোজা অসমীয়াক অতীতৰ সেই গৌৰৱোজ্জ্বল দিনবোেৰলৈ যেন হাত বাউল দি মাতিব লাগিছে—

সুন্দৰ অতীতলৈ উভতি চাই
নিজৰ নিজত্ব ৰাখ উজ্বলাই।

 ‘অনুকৰণ’ এটা ভাল বস্তু। সদায় ভাল বস্তুক অনুকৰণ কৰিব লাগে। কিন্তু অনুকৰণ ‘অন্ধ’ হ'ব নালাগে। আজি পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ বৰঘৰৰ ভেটি থৰক-বৰক কৰিব লাগিছে। গীতিকাৰে সেয়েহে নৱ প্ৰজন্মক সাৱধান বাণী শুনাইছে—

আজি বিহুতলীয়ে কি যে ৰূপ ধৰিছে
.............................................
অসমীৰ ঘৰতে বিহুৱা আৱেশে
দুখেৰে বিদায় মাগিছে।