পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেন :
শেষ হ’ল মোৰ বেদনা ভাগৰ
মন সুন্দৰ হ’ল,
জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ'ল
 সসীম মানৱে বিচাৰি বিচাৰি
 অসীমক যে পালোঁ।
 পৰাণত জ্বলা বিৰহৰ জুই
 আজিহে নুমুৱালোঁ।

যোগেশ দাস


চেনিকুঠী,


গুৱাহাটী,


১৪ মাৰ্চ, ১৯৭১