পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
অন্যান্য (শােক প্রস্তাৱ, চিঠি-পত্র, বংশাৱলী ইত্যাদি)

 দুখৰ বিষয় শ্ৰীবৈশ্য যোৱা ৩/৪ বছৰ ধৰি বৃক্কৰ বিকলতা ৰোগত ভূগি আছে। চিকিৎসকসকলৰ মতে তেওঁৰ দুয়োটা বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে আৰু বৰ্তমান অৱস্থাত অন্য কাৰোবাৰ পৰা বৃক্ক প্ৰতিস্থাপন কৰাৰ বাহিৰে কোনো বিকল্প ব্যৱস্থা নাই। আনহাতে ব্যয়বহুল এই কাৰ্যৰ বাবে তেওঁৰ হাতত কোনো ধন নাই। সেয়ে সঘনাই ৰক্ত ব্যাশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰি অতিশয় অনিশ্চয়তাৰ মাজত তেওঁ বৰ্তমান দিন নিয়াবলগীয়া হৈছে। এই কাৰ্যও অতিশয় ব্যয়বহুল আৰু কষ্টকৰ। সেয়ে বৃক্ক প্ৰতিস্থাপন কৰি জীৱন ৰক্ষাৰ বাবে তেওঁক ৪/৫ লাখ টকা জৰুৰী ভাবে আৱশ্যক হৈ পৰিছে। এনে পৰিস্থিতিত বিৰুবাৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা এক বিজ্ঞপ্তিত শ্ৰীবৈশ্যৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ সকলো ব্যক্তি, অনুষ্ঠান আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ জনোৱা হৈছে।
 বিজ্ঞপ্তিটোত আশা কৰা হৈছে যে মানৱতাৰ খাতিৰত সকলোৱে শ্ৰীবৈশ্যলৈ মুক্তহস্তে সাহায্য আগবঢ়াই তেওঁৰ জীৱন ৰক্ষাত অৰিহণা যোগাব। যোগাযোগৰ ঠিকনা ঃ উমেশ চন্দ্ৰ বৈশ্য, বিৰুবাৰী, বাথৌ মন্দিৰ পথ, পোঃঅঃ গোপীনাথ নগৰ, গুৱাহাটী-১৬, জিলা- কামৰূপ (অসম)। একাউণ্ট নং ২২৯৬৮, অসম কো-অপাৰেটিভ এপেক্স বেংক, গুৱাহাটী শাখা, পাণবজাৰ, গুৱাহাটী-১।●