পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


নামটোৱেই সূচায় যে সেইখন গীতৰ পুথি। দ্বিতীয়খন প্ৰবন্ধ সংকলন।

 ‘প্ৰগতিৰ গানৰ প্ৰসংগত ড° ভূপেন হাজৰিকা, ড° হীৰেন গোহাঁই, ড° মামণি ৰয়ছম গোস্বামী, এম. কামালুদ্দিন আহমেদ, ড° অমৰজ্যোতি চৌধুৰী প্ৰমুখ্যে বিশিষ্ট সমালোচক-সাহিত্যিকসকলে উচ্চ অভিমত ব্যক্ত কৰিছে। তলত, তেনে অভিমতসমূহৰ খণ্ড একোটি তুলি দিয়া হ’লঃ

১। ‘স্বৰ্গীয় উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ পঢ়িলোঁ। ভাল
পালোঁ। ৰাইজে সাবটি ল’ব।’

—ড° ভূপেন হাজৰিকা


২। ‘প্ৰগতিৰ গান’ পঢ়ি মই বৰ ভাল পালোঁ।... পাঠকে
নিশ্চয় তেওঁৰ লেখা আদৰি ল’ব।’

—ড° মামণি ৰয়ছম গোস্বামী


৩। 'I went through the book "Pragatir Gaan"...
I aliked its artistic presentations.'

—Prof. Amarjyoti Choudhury


৪। ‘এনেবোেৰ ব্যক্তি (উমেশ চন্দ্ৰ বৈশ্য)ৰ কথা মনলৈ
আহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথা মনলৈ
আহে। তেওঁৰ গীতৰ অধিক চৰ্চা হওক।’

—এম. কামালুদ্দিন আহমেদ

 উল্লিখিত অভিমতসমূহৰ আঁত ধৰি নিঃসন্দেহ ক'ব পাৰি যে উমেশ চন্দ্ৰ বৈশ্য গীতিকাৰ হিচাপে সম্পূৰ্ণ সফল হৈছিল আৰু এই সফলতাৰ গুৰিতেই আছিল তেওঁৰ সুৰ সম্পৰ্কে সুস্থ ধাৰণা আৰু ধ্বনি সাম্য ৰক্ষা কৰি ভাষা প্ৰয়োগৰ দক্ষতা।

 ড° শেখৰ জ্যোতি বৈশ্য আৰু নীলোৎপল শৰ্মাৰ দ্বাৰা সংকলিত আৰু সম্পাদিত ‘সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক পুথিখন মূলতঃ প্ৰয়াত বৈশ্যৰদ্বাৰা ৰচিত আৰু বিভিন্ন সময়ত প্ৰকাশিত বিবিধ বিষয়ক প্ৰবন্ধ সংকলন হলেও ইয়াত দুটা গীত আৰু দুটা কবিতাও সন্নিবেশিত হৈছে।

 প্ৰধানতঃ সাহিত্য-সংস্কৃতি আৰু শিক্ষা বিষয়ক প্ৰবন্ধৰ বাহিৰেও পুথিখনত ‘প্ৰথম সংগীতগুৰু জমিৰুদ্দিন আহমেদ ছাৰৰ সোঁৱৰণত’ আৰু ‘ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্যালোচনা' শীৰ্ষক প্ৰবন্ধ দুটা ঘাইকৈ জীৱনীমূলক হ’লেও দুয়োটা প্ৰবন্ধৰ প্ৰবন্ধকাৰ প্ৰয়াত বৈশ্যৰ ইতিবাচক