সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
২০৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


তীক্ষ্ণধী পণ্ডিত সাহিত্যিক
শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ

 ‘তই যুক্তি-যুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতা কেইটি বৰ্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতা কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে, ইয়াত থকা কবিতা কেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্ৰিমতা ইয়াত নাই। বৰ্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণ-শিঙা বজোৱা এনে কবিতাৰ প্ৰয়োজন হৈছে।

 সমাজৰ সকলো স্তৰৰ লোকেই এনেহেন “এইবাৰ নিবাৰ” যুদ্ধত কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি স্বৰূপ অৰিহণাৰ যোগান ধৰিব লাগে। তাতে সমাজৰ পৃষ্ঠপোষক কবি, শিল্পী, সাহিত্যৰ পূজাৰীসকলৰ দায়িত্ব ততোধিক। কবি বৈশ্যই এই পুথিত থকা ‘ক্ষুৰতীক্ষ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ’ নামৰ কবিতাত সেই কথা ক্ষুৰতীক্ষ্ণ ভাষাতে ব্যক্ত কৰিছে, আপুনি আচৰি আনকো প্ৰেৰণা দিছে। কবিৰ অভিযান সফল হওক। ইতি—

শ্ৰীতীৰ্থ নাথ শৰ্মা

ভৰলুমুখ
গুৱাহাটী
২৯।১।৮০