পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

গীতিকাৰজনে ক্ষুধাৰ্ত জনতাক আহ্বান জনাইছে। জ্বালামুখীৰ দৰে ভয়ানক বিধ্বংসী ৰূপ লৈ অত্যাচাৰী শোষক দলক ছাঁই কৰি পেলাবলৈ গীতিকাৰজনে দেশৰ জনতাক আহ্বান জনাইছে—

ছাঁই হৈ উফৰিব অত্যাচাৰী দল
আঁতৰি পলাব ঘোৰ অমানিশা
হ’ব শেষ শোষণ পীড়ণ
আমি লম নতুন জীৱন।

 (২৫) ইতিহাসে প্ৰমাণ দিয়ে শ্ৰমজীৱিৰ শ্ৰমৰ ওপৰত সম্ৰান্তসকলে ভোগ-বিলাস কৰে। প্ৰাচীন সভ্যতাৰ যুগত দাস আৰু মালিকৰ মাজত কিনা- বেচাৰ দৰ-ভাও আছিল। মধ্য যুগতো শ্ৰমিকৰ লাঞ্ছনাৰ অন্ত পৰা নাছিল। অভিজাতসকলে সৰু সকলৰ ক্ষমতাৰ অধিকাৰ কাঢ়ি লৈছিল। গণতন্ত্ৰৰ দিনতো সেই একেই অৱস্থা। সৰু-বৰ, জাত-পাতৰ বিচাৰত শ্ৰমিকক লঠিয়াই ফুৰায়। শ্ৰমিকসকলক ভাই বুলি আদৰ কৰিবলৈ অভিজাতসকলে লাজ পায় বাবেই সৰু বা শ্ৰমিকসকলৰ সমাদৰ নাই। এই পৰিস্থিতিৰ অৱসান ঘটাবৰ বাবে গীতিকাৰে অভিজাতসকলক আহ্বান জনাইছে সৰু সকলক ঘিণ নকৰি মৰমেৰে ব্যৱহাৰ কৰি মানৱতাৰ গুণ জিলিকাই তুলিবলৈ। এনে ব্যৱস্থাই জনজীৱনলৈ শ্ৰমৰ মৰ্যাদা আনিব—

বৰে নিঘিণালে সৰুৰ কৰম
জিলিকিব মানৱতা হিৰণ কিৰণ,
তেতিয়াহে শ্ৰমে সীমা পাৰ হৈ
বিশাল পৰিধি চুব জনজীৱনৰ
তেতিয়াহে মৰ্যাদা আহিব শ্ৰমৰ।

 (২৬) ফল নধৰা বন্ধ্যা শিক্ষাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ মনৰ খবৰ ৰাখোতা কোনো নাই। অন্যায়-অবিচাৰে ভৰি পৰা সমাজখনত তেওঁলোকে সুবিচাৰ ক'তো নাপায়। পেটৰ ভোকত ৰ'ব নোৱাৰি সৰু সৰু কামলৈ ওলালেও বৰ সমাজে ইতিকিঙৰ হাঁহি হাঁহে। এই কাৰণেই আজি শিক্ষিত ডেকাসকলে বিপথগামী হ’বলৈ বাধ্য হৈছে। সমাজত মৰ্যাদা নাপাই শিক্ষিত নিবনুৱাসকল ভালুকৰ সাঙী হৈ পৰিছে। সমাজ দেহৰ এই পংগু অংশৰ খবৰ কৰিবলৈ সমাজৰ গুৰু, নেতা-নেত্ৰী, সমাজ গঢ়োতা সকলোকে তেওঁলোকৰ মনৰ খবৰ ল’বলৈ গীতিকাৰে আহ্বান জনাইছে—