চিৰপূজ্য দাদাৰ সোঁৱৰণত
মাকন বৈশ্য
বালিলেছা, নলবাৰী
মোৰ দাদা মোৰ চিৰপূজ্য। আমি নিশ্চয় জন্ম হোৱাৰ পৰা দাদাৰ মৰম- স্নেহ পাই আহিছোঁ। তেখেতে আমাৰ ভাই-ভনী সকলোৰে ওপৰত সম্পূৰ্ণ চকু দিছিল। দাদাই নিজে পঢ়ি থকা সময়তো এবাৰ উঠি আহি আমি কি পঢ়ি আছোঁ, কি কৰি আছোঁ চাইছিলহি আৰু আমাক কিছু সময় শিকাইছিল। আমি আটাইকেইজন ভাই-ভনীয়ে দাদাক বৰ সমীহ কৰিছিলোঁ। কাৰণ তেখেত পঢ়া-শুনাত বৰ চোকা আছিল। তাৰোপৰি তেখেতে পঢ়ি থাকোতে গীতৰ সুৰ আওৰাইছিল। বালিলেছা মজলীয়া স্কুলত পঢ়ি থকাৰে পৰা তেখেতে স্কুল সপ্তাহৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছিল আৰু শিক্ষকসকলৰ মাজত এজন মৰমৰ ছাত্ৰ হৈ পৰিছিল। তাৰ পিছত আমিও যেতিয়া সেই স্কুলত পঢ়িবলৈ লওঁ তেতিয়া শিক্ষকসকলেও দাদাৰ গুণাগুণৰ কথা কৈ খুউব প্ৰশংসা কৰিছিল। আনকি বালিলেছা মজলীয়া স্কুলৰ পৰা দাদাই বৃত্তি লাভ কৰা কথাটো শিক্ষকেই আমাক কৈছিল আৰু দাদাৰ সৰ্ব দিশতে থকা পাৰদৰ্শিতাৰ বাবে আমাৰ আগতো গুণানুকীৰ্তন কৰিছিল।
এম.ভি. পাছ কৰি দাদাই নলবাৰী দেৱীৰাম স্কুলত পঢ়িবলৈ লয় যদিও মেট্ৰিক সুখ্যাতিৰে উত্তীৰ্ণ হয় নলবাৰী গৰ্ডন হাইস্কুলৰপৰা, তাৰ পিছত তেওঁ নলবাৰী কলেজত পঢ়িবলৈ লয়। নৱমমান শ্ৰেণীত পঢ়ি থাকোতে দাদাই নলবাৰীৰ 'গীতশ্ৰী’ত নামভৰ্তি কৰি চৈয়দ জমিৰুদ্দিন ছাৰৰ তত্বাৱধানত গান শিকিবলৈ লয়। দাদাই যে নিজে শিকিছিল তেনে নহয় আমাকো ঘৰত ভাই- ভনী আটাইকেইজনক অলপ হ'লেও গীত-মাতৰ আভাস দি থৈ গৈছে। তেখেতে মোক ভজন, কোৰাছ আদি গাবলৈ শিকাইছিল। ৰমেশ, অতুল, ৰমেন ভাইটিহঁতকো তবলা, চেতাৰ, তানপুৰা আদি বজাবলৈ শিকাই থৈ গৈছে। মাজু ভাই বোৱাৰীক চেতাৰ শিকাবলৈ ঘৰতে মাষ্টৰ পৰ্যন্ত নিয়োগ কৰিছিল।
ঘৰখনৰ প্ৰতি দাদাৰ বৰ লক্ষ্য আছিল। সেয়েহে তেখেতে নিজে পঢ়িও