পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
৮৫
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


এটি দিশ যদি কোনো ব্যক্তিয়ে আয়ত্ত কৰিব পাৰে, সেইগৰাকী ব্যক্তিয়ে সমাজত মানুহৰূপে প্ৰতিষ্ঠিত হোৱাটো নিশ্চিত। তেওঁ মূলতঃ অসমীয়া বিষয়ৰ ছাত্ৰ আছিল। সেইদৰে অসমীয়া বিষয়ৰ বিষয় শিক্ষক; অথচ গণিত বিষয়ত আছিল তেওঁৰ অগাধ ব্যুৎপত্তি। সেইদৰে ইংৰাজী বিষয়ৰ পাৰদৰ্শিতাৰ কথাও তেওঁৰ ছাত্ৰ-ছাত্ৰী সমাজত সৰ্বজনবিদিত। যি বিষয়তেই নহওঁক, তেওঁ শিক্ষাদান কৰা ছাত্ৰ-ছাত্ৰীয়ে সমাজত প্ৰতিষ্ঠা লাভ কৰি একোখন সুকীয়া আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে; এই কথা প্ৰসংগক্ৰমে তেওঁলোকেও স্বীকাৰ কৰে। অত্যুক্তি নহয়— দাদাৰ পদাংকনুসৰণ কৰিছে তেওঁৰ সুযোগ্য সন্তান ড° শেখৰজ্যোতি (হেঙুল)য়ে। শ্ৰীমান হেঙুল নিজে এগৰাকী গণিত বিষয়ৰ অধ্যাপক। অধ্যাপনা, গৱেষণা, পৰিয়াল পৰিচালনাৰ মাজত ব্যস্ত থাকিও পিতৃৰ সৃষ্টিৰাজী উদ্ধাৰ, সংৰক্ষণ কৰি পিতৃদেৱতাক অমৰত্ব প্ৰদানৰ যি অহোপুৰুষাৰ্থ কৰি আছে সেয়া সমগ্ৰ পুত্ৰসমাজৰ বাবে এক আদৰ্শনীয় বিষয়। সঁচাকৈয়ে দাদা এগৰাকী সফল পিতৃ। তেওঁৰ আন তিনিগৰাকী পুত্ৰ নিতুল (জ্যেষ্ঠ), বুলু, দুলুকো উপযুক্তভাৱে গঢ় দি মানুহ কৰি থৈ গ'ল। সাংসাৰিক সফলতাৰ আঁৰত কিন্তু তেওঁৰ পত্নী শ্ৰীমতী ৰিণা বৈশ্যৰ নাম ল’বই লাগিব। সহনশীলা, ধৈৰ্যশীলা, লখিমীস্বৰূপা বৌৱে দাদাৰ তত্বাৱধানত পত্নীৰ ধৰ্ম আৰু মাতৃৰ দায়িত্ব পালন কৰি সংসাৰখন এনেকৈ আগুৱাই লৈ গ'ল, য'ত কতোৱেই একো খুঁত নাথাকিল; আৰু সেইবাবেই দাদাই তেওঁৰ ৰুচিসম্মত কৰ্মত কেতিয়াও কোনো বাধা পোৱা নাছিল। পৰৱৰ্তীকালত বোৱাৰীসকলেও শাহুআইৰ আদৰ্শ অনুসৰণ কৰি ভতিজাসকলক পূৰ্ণ সহযোগিতা প্ৰদান কৰিলে হয়তো আজিৰ গণিতজ্ঞ ড° শেখৰজ্যোতি কাইলৈ সীমাৰ পৰিধি অতিক্ৰমি উমেশ বৈশ্যৰ দৰে এগৰাকী সু-সাহিত্যিকৰূপেও পৰিচিত হৈ পৰিব।

 প্ৰয়াত দাদাৰ সংগীতৰ ক্ষেত্ৰখন আছিল বৰ বিশাল। অথচ তেওঁ আছিল প্ৰচাৰবিমুখ। অসমৰ সাংগীতিক ইতিহাসত যি সকল গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক তথা সংগীত সাধকৰ জীৱন ইতিবৃত্ত পোৱা যায় সেই সকলৰ সফলতাৰ আঁৰত দেখা যায়, কোনোৱে হয়তো কাৰোবাৰ পৃষ্ঠপোষকতা লাভ কৰিছে, কোনোৱে বংশানুগত আভিজাত্যৰ কোলাত উঠি আগবাঢ়িছে। কোনোবাই অৱশ্যে ঈশ্বৰপ্ৰদত্ত গুণেৰেও সফলতা লভিছে। কিন্তু প্ৰত্যেক গৰাকীকেই প্ৰচাৰ আৰু প্ৰসাৰৰ মাধ্যমেৰে কোনোবাই আগবঢ়াই নিছে। সেয়া ব্যক্তিগতও হ’ব পাৰে বা সামূহিক ভাবেও। কিন্তু দাদাৰ ক্ষেত্ৰত সেইবোৰ একোৱেই নাই।