ইয়াৰ উপৰিও তেখেতে মৃত্যুৰ আগলৈ বিভিন্ন বিষয়ৰ ওপৰত কিতাপ লিখিছিল কিন্তু প্ৰকাশ কৰিব নোৱাৰিলে। বৰ্তমান তেওঁৰ পত্নী আৰু পুত্ৰসকলে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত প্ৰগতিৰ গান' (২০১০ চনত প্ৰকাশিত) এই বছৰতেই প্ৰকাশ পাইছে। ‘চিন্তা প্ৰৱাহ’, ‘গীত চন্দ’, ‘উচ্চ মাধ্যমিক অঙ্ক সহায়িকা', 'Higher Secondary English Grammar' ইত্যাদি পৰিয়ালৰ মানুহে প্ৰকাশ কৰিবলৈ সকলো প্ৰস্তুতি কৰি প্ৰেছত দিছে। সঁচাকৈ এই সকলোবোৰ গ্ৰন্থ বৰ্তমান সমাজৰ বাবে আৰু সমাজ পৰিৱৰ্তনৰ এটা অমূল্য সম্পদ হ’ব।
তেখেতৰ এই সম্পদৰাজিৰে এটা চিৰস্থায়ী লাইব্ৰেৰী গঢ়ি উঠিলে হয়তো আমাৰ অতি শ্ৰদ্ধাৰ ‘ভোলানাথ’ সদৃশ শিক্ষাগুৰু উমেশ বৈশ্য ছাৰ আমাৰ মাজত চিৰদিন জীয়াই থাকিব। ইয়াৰ বাবে তেওঁৰ পৰিয়ালৰ মানুহে আগবাঢ়ি আহিব লাগিব আৰু আমি সকলোৱে মিলিজুলি সহায়-সহযোগিতা আগবঢ়াব লাগিব।
ছাৰ সঁচাকৈ অতি সহজ-সৰল ব্যক্তি আছিল। সাজ-পোছাক অতি সহজ- সৰল আছিল। ভৰিত এযোৰ হাৱাই চেণ্ডেল আছিল আৰু সদায় এখন পুৰণি চাইকেল হাতত আছিল। চাইকেলখন তেওঁ চলাই গৈ থাকিলেও সদায় যেন কিবা চিন্তাত বুৰ গৈ আছিল; তেখেতক দেখিলে তেনেকুৱাই লাগিছিল। তেখেতৰ সীমাহীন জ্ঞান আছিল; তেখেতৰ বহুমুখী প্ৰতিভা আছিল কিন্তু হয়তো তেওঁ তেনেদৰে ভাল সুবিধা নাপালে; সমাজৰ পৰা সহায়-সহযোগিতা নাপালে। আৰ্থিকভাৱে দুৰ্বল আছিল। পৰিয়ালৰ ভৰণ-পোষণ আৰু ল'ৰাৰ উৎকৃষ্ট শিক্ষাৰ বাবে তেখেতৰ জীৱনত তেখেতে বহুত সংগ্ৰাম কৰিছিল।
প্ৰথমতে জীৱন সংগ্ৰাম আছিল তেখেতৰ পৰিয়ালৰ অন্ন, বস্ত্ৰ, শিক্ষাৰ বাবে আৰু থকা ঘৰৰ বাবে। তাৰ পিছত তেওঁৰ সাহিত্য, সংগীত আৰু কলা— সংস্কৃতি, সমাজ-সংস্কাৰ ইত্যাদি আছিল। তেখেতৰ প্ৰতিভা বহুত আছিল কিন্তু আজিকালি প্ৰতিভা থাকিলেও আৰ্থিকভাৱে সৱল হ'লেহে সেই প্ৰতিভা বেছিকৈ বিকশিত হয়; বৰ্তমান সমাজ ব্যৱস্থা এনেকুৱাই হৈছে।
তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই শিক্ষকতা কৰিছিল বালিলেছা কালিমন্দিৰ হাইস্কুলত অস্থায়ীভাৱে। আই.এছচি পৰীক্ষাৰ ফলাফল নোলাওঁতেই সিদ্ধিনাথ শৰ্মাদেৱে বৈশ্যদেৱক নলবাৰী জিলাৰ অন্তৰ্গত বৰিদতৰা হাইস্কুলত শিক্ষকতা কৰিবলৈ নিযুক্তি দিছিল। ১৯৬৩ চনত তেওঁ ক্ৰমে বানেকুছি