পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্রাণ প্রয়াত উমেশ বৈশ্য


মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসনত প্ৰতিষ্ঠিত হৈ থাকোতে ১৯৯৮ চনত অকালতে পৰলোকগামী হয়। সুশিক্ষিতা পত্নী ৰিণা বৈশ্য আৰু চাৰিজন গুণৱান পুত্ৰ সন্তান এৰি থৈ যোৱা আমাৰ প্ৰতিবেশী অনুজ উমেশ বৈশ্যৰ শিক্ষা, শিক্ষকতা, সাহিত্য চৰ্চা, সংগীত সাধনা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত থকা বহুমুখী প্ৰতিভাৰ বিৱৰণ পাই — মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। ‘আগেয়ে নাজানিলো এবেসে জানিলো’— এই অনুভৱেৰে নলবাৰীৰ পাগলাদিয়াৰ পছিমপৰীয়া মানুহ বুলি প্ৰয়াত জনৰ বিষয়ে এইখিনি বেদনাভৰা শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। তেওঁৰ বিষয়ে মোতকৈও বয়সীয়াল তথা বেছিকৈ জনা কেবাজনো লোকে স্মৃতি চাৰণ কৰিব বুলি জানিবলৈ পাই মোৰ মনত সাহস হৈছে। তেওঁৰ প্ৰতিভাৰ চন্দ্ৰিকাই দশোদিশ পোহৰাব নিশ্চয়।

 তেওঁৰ পৰলোকৰ বাৰ বছৰৰ মূৰত তেওঁৰ সহধৰ্মিনী আৰু পুত্ৰসকলে স্মৃতিমাল্য আগবঢ়াবলৈ কৰা এই প্ৰশংসনী প্ৰচেষ্টাৰ ময়ো সমভাগী হ’বলৈ পাই বেদনা বিধুৰ চিত্তে বিশ্ব নিয়ন্তাৰ চৰণত প্ৰণতি জনালোঁ। তেওঁৰ সতীৰ্থ বন্ধু-বান্ধৱী তথা পৰিয়ালবৰ্গই যথাযথ স্মৃতিচাৰণ কৰি নতুন প্ৰজন্মৰ সন্মুখত এখন প্ৰকৃত চিত্ৰ দাঙি ধৰিবলৈ সমৰ্থ হ'ব বুলি আশা ৰাখিলোঁ।

 ব্ৰিটিছ শাসনাধীন কালতে জন্ম গ্ৰহণ কৰি স্বৰাজ লাভৰ বাবে কৰা আন্দোলন তথা বহুতো যুদ্ধ-বিগ্ৰহ, ৰাজনৈতিক-অৰ্থনৈতিক-প্ৰাকৃতিক ঘটনা প্ৰবাহৰ সাক্ষী হৈ থাকি আমি প্ৰয়াত উমেশ বৈশ্যৰ বহুমুখী প্ৰতিভাৰ সম্যক মূল্যায়ন কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰিছোঁ— কিয়নো বৰ্ধিত সমস্যা- সংঘাতৰ মাজত আমাৰ মাজত দুই-এবাৰহে দেখা-সাক্ষাৎ হৈছিল। তেওঁৰ সাহিত্য চৰ্চা-সংগীত সাধনা তথা শিক্ষকতাৰ বিষয়ে সম্যক মূল্যায়ন সকলোৰে পক্ষে সম্ভৱপৰ নহ'ব। মোৰ ক্ষেত্ৰত এয়া ঢুকি নোপোৱা আকাশৰ তৰা যেন।

 সাম্প্ৰতিক একৈশ শতিকাৰ বৈজ্ঞানিক প্ৰগতি আৰু বিশ্বায়নৰ পটভূমিত গাঁৱৰ পৰা মহানগৰীলৈকে অবিৰত জীৱন যাত্ৰাৰে সাৰ্থকতাৰ পথত খোজ দিয়া অনুজ শিক্ষাবিদ, সাহিত্যিক, সংগীতজ্ঞ, সমাজ সেৱক উমেশ বৈশ্যৰ আত্মাৰ অমৰত্ব গতি কামনাৰে দুফাঁকি গঞা লোকগীতৰ উদ্ধৃতি দাঙি ধৰিলো—

১। আমিও গৈছিলোঁ এ বালিলেছাৰ ভথেলী।
শগুণগাথাৰ লেছেৰী বাটত বৰষুণে পালে॥