পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
২৯৫
উমেশ বৈশ্যৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ পাতনি

॥ মিলন ॥
( এখনি কবিতা পুথি )
লিখক— উমেশ বৈশ্য
প্ৰকাশনত : জীৱন জ্যোতি সঙ্গীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
১ম প্ৰকাশ : ১৫ ফেব্ৰুৱাৰী, ১৯৮০ চন
২৩ আহাৰ, ১৯০২ শক
বেটুপাতৰ শিল্পী : ত্ৰৈলোক্য দত্ত
লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
মূল্য : ৫.০০ টকা মাত্ৰ
 মুদ্ৰণত : জনো প্ৰিটিং প্ৰেছ
 গুৱাহাটী-১৬

লেখকৰ কবলগীয়া

 মোৰ কলেজীয়া জীৱনত অংকুৰিত হোৱা কবিতা কবিতা লগা ভাবাবেগবোৰ লাহে লাহে স্নাতকোত্তৰ জীৱনত ছন্দৰ ৰূপত ৰূপ লৈ উঠিল। তেতিয়া ১৯৬৬ চন। জীৱনত ৰঙীন সপোন। অনুভূতিবোৰ কবিতা আকাৰে লিখি উলিয়ালোঁ। লেখা খিনি পুথি ৰূপে সজাই নাম ৰাখিলোঁ ‘মিলন’। পিছে ‘মিলন’ লিখি উলিয়ালোঁ হয়; কিন্তু লাজ আৰু ভয়ত কোনো কবি সাহিত্যিকক দেখুৱাব নোৱাৰি ইয়াক সন্তৰ্পণে পেৰাতহে সুমুৱাই থলোঁ। মাজে মাজে উলিয়াই পঢ়ি নীৰৱে আত্মতৃপ্তি লভোঁ। এইদৰে কেইবছৰ মান পাৰ হ’ল। এদিন হঠাৎ মৰসাহ কৰি পৰম শ্ৰদ্ধাভাজন অসমৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্মাদেৱক পুথিখনি দেখুৱালোঁ। হাতে লিখা পুথিখনি শৰ্মাদেৱে পঢ়ি চাই ইয়াক সোনকালে ছপাই উলিয়াবলৈ উপদেশ দিলে।

 উৎসাহিত হৈ মই যশস্বী কথাশিল্পী শ্ৰীযুত যোগেশ দাস, জ্যেষ্ঠ কবি শ্ৰীযুত অতুল চন্দ্ৰ হাজৰিকা, পণ্ডিত সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্মা আদি গুণী জনকো পুথিখনি দেখুৱালোঁ। তেখেত সকলেও আগ্ৰহেৰে পুথিখনি পঢ়ি চাই একোটি স্পষ্ট অভিমত দি মোক প্ৰেৰণা যোগালে। ইয়াক ছপোৱাৰ সংকল্প লোৱাৰ সময়ত শ্ৰীযুত বেণুধৰ শৰ্মাদেৱেও অভিমত এটি লিখি দি মোক কৃতাৰ্থ কৰিলে। মোক আদৰেৰে