পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


 উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’
এক জাতীয় প্রেমৰ গীতৰ পুথিৰ চমু আলােচনা

 ড° অনন্ত মাধৱ দত্ত
 লখিমীনগৰ, দিশপুৰ, গুৱাহাটী

 অনাদি অনন্ত কালৰে পৰা সভ্যতাৰ পােহৰে স্পৰ্শ কৰাৰ আগৰে পৰাই শব্দ, নাচ ব্যঞ্জনাৰে পাৰম্পৰিকভাৱে মানৱ জাতিৰ মাজত সংগীত প্রচলন হৈ আহিছে। একাত্মৰ এনাজৰী ৰচনা কৰি আহিছে। মিলনৰ সেঁতু গঢ়ি তুলিছে— প্রাণে প্রাণে, প্রান্তৰে প্রান্তৰে। বিনাশিছে হিংসা, দ্বেষ, অত্যাচাৰ।

 সংগীত সকলােৰে প্রিয় হলেও সৃষ্টি সকলােৱে কৰিব নােৱাৰে। সংগীত সৃষ্টিৰ, ৰচনাৰ বাবে লাগে ছন্দোময়, প্রেমময় হৃদয়—যত থাকে কেৱল অনাগত দিনৰ ৰামধেনু। প্রেমবিহীন হৃদয়ত সংগীত জাগ্রত হ’ব নােৱাৰে। প্রেম মানে কেৱল যৌৱনাসিক প্রেমেই নহয়—ই মানৱ প্রেম, বাৎসল্য প্রেম, দেশ প্রেম, জাতি প্রেম.......। এনে সাৰুৱা ৰসাল সঞ্জীৱনীসুধাসিক্ত হৃদয়ত অংকুৰিত হয় সংগীতৰ। ভাৱৰ জোঁৱাৰে আনে শব্দৰ ব্যঞ্জনা। সুৰৰ স্পৰ্শত প্রস্ফুটিত হয় এটি ফুলৰ কলিৰ দৰে।

 অকালতে বিয়ােগ হােৱা উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ৰ গীতসমূহত উক্ত ভাৱসমূহ প্রকাশ পাইছে। গীতিকাৰৰ হৃদয় প্রেমময় কোমল, ৰসাত্মক। বন্দিত প্রাণে যেন বিচাৰি ফুৰিছে জন অৰণ্যত ঐক্য, শান্তি আৰু সম্প্রীতি। নৈতিক, অর্থনৈতিক, ৰাজনৈতিকভাৱে স্খলিত সমাজ তথা অকর্মন্য, দুর্বলচিতীয়া অসমীয়া সমাজৰ ক্ষয়িষ্ণুৰূপ দেখি বেদনাত কাতৰ গীতিকাৰ। দেশপ্রেম, জাতিপ্রেম, ভাতৃপ্ৰেমেৰে আপ্লুত বৈশ্যৰ ক্লান্ত হৃদয়ৰ ভাব তেখেতৰ গীতত প্রকাশ পাইছে। সেয়ে হয়তাে প্রগতিৰ গান সৃষ্টি কৰি সকলােকে আহ্বান কৰিছে—দেশ ৰক্ষাৰ বাবে, জাতি ৰক্ষাৰ বাবে, হেৰােৱা ঐতিহ্য ঘূৰাই আনিবৰ বাবে।

 সাৱলীল গীতিময় ভাষাৰে ৰচিত গীতসমূহ ছন্দময় গতিৰে প্রবাহিত। গীতসমূহত গীতিকাৰৰ তীব্র আৱেগিক অনুভূতি প্রকাশ পাইছে। গায়কৰ কণ্ঠত