ল'ৰা-ছোৱালীৰ সৈতে বিৰুবাৰী বাসিন্দা হৈ পৰিলোঁ। সেই সময়ত মোৰ
ছোৱালী কৰবী বৰ্মনক গান শিকোৱাৰ চলেৰে গান মাষ্টৰ হিচাবে তেখেতক
লগ পালোঁ। তেতিয়া কিন্তু তেখেতেই যে বৈশ্য ছাৰ মই জনা নাছিলোঁ।
তেখেতক দেখিয়েই আচৰিত হৈছিলোঁ। আমাৰ ঘৰলৈ আহ-যাহ কৰা বৈশ্য
ছাৰক লগ পাই বৰ ভাল পালোঁ আৰু লগতে নাভিৰে ওলোৱা মাতটো শুনাৰ
যিটো হেঁপাহ লুপ্ত হৈ আছিল সেই হেঁপাহ পুনৰ জাগ্ৰত হ’ল। পিছত জানিব
পাৰিলোঁ যে মোৰ স্বামী শ্ৰীহৰিশ্চন্দ্ৰ বৰ্মনদেৱো তেখেতৰে ছাত্ৰ আছিল ১৯৬২-
৬৩ চনত। পানীগাঁও মিলন হাইস্কুলতো তেখেতে ক্ষন্তেকীয়া ভাবে শিক্ষকতা
কৰিছিল। তাতেই মোৰ স্বামীক ছাত্ৰ হিচাবে পাইছিল। মোৰ ছোৱালী কৰবী
বৰ্মনে গান শিকি থকা সময়তে ময়ো তেখেতৰ গানৰ ছাত্ৰী হৈ পৰিলোঁ।
তেখেতে শাস্ত্ৰীয় সংগীত শিকাইছিল। তাৰ মাজেদি আধুনিক গীত, জ্যোতি
সংগীত, ৰাভা সংগীত, দেশপ্ৰেমমূলক গানো শিকাইছিল। স্বৰচিত গানৰ নিজেই
সুৰ দি শিকাইছিল। তেখেতৰ স্বৰচিত গীতৰ সুৰ আজিও মোৰ হৃদয়ত বাজি
থাকে। উক্ত গানটোৰ প্ৰথম দুশাৰীমান উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ।
হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা
তুমি আহা আহা আহা
আমাৰ চোতালত বিহগছ গজিছে।
ভাঙি চিঙি উৰুৱাই নিয়া নিয়া।
এই গীতটো বহু ঠাইত দলবদ্ধভাৱে পৰিবেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছিলোঁ।
তেখেতক লগ পোৱাৰ পিছৰে পৰা এটা ধাৰণা কৰিব পাৰিছোঁ যে বৈশ্য ছাৰ এজন নীৰৱ সুসাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ আছিল। তেখেত সুৰ সন্ধানী আছিল। তেখেতে সাধাৰণভাৱে জীৱন যাপন কৰিছিল। আনে কি কৰিছে, কি খাইছে সেইবোৰৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নাছিল। সকলো সময়তে তেখেতৰ মুখত গুণগুণনি ধ্বনি বাজিয়ে আছিল। গান শিকাই থাকোঁতে বুজিছিলোঁ তেখেতে মাতটো বাঁহীৰ নিচিনাকৈ ধীৰ-স্থিৰ ভাৱে উলিয়াইছিল আৰু তেখেতে কথা কওঁতেও গানৰ সুৰৰ লহৰ বাজি উঠিছিল। সেয়েহে নাভিৰে ওলোৱা মাত বুলি বহুতে আখ্যা দিছিল। যি হওক নাভিৰে ওলোৱা মাতটো শুনাৰ হেঁপাহো মোৰ পূৰণ হৈছিল।
বিৰুবাৰীৰ নিজ বাসভৱনত তেখেতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে