স্বামী স্বৰ্গীয় উমেশ বৈশ্যৰ সোঁৱৰণত
ৰিণা বৈশ্য
বিৰুবাৰী, গুৱাহাটী
মোৰ স্বামী স্বৰ্গীয় উমেশ বৈশ্য এগৰাকী প্ৰচাৰবিমুখ, নীৰৱ সাহিত্যিক, সঙ্গীত সাধক, এগৰাকী ব্যতিক্ৰমী ব্যক্তি। তেখেতৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী হিচাবে দুষাৰ লিখিবলৈ লৈ বাৰে বাৰে থমকি ৰৈছোঁ— কি লিখিম? ক'ৰপৰা লিখিম? কেনেকৈ লিখিম? তেখেতৰ সান্নিধ্যত কটোৱা, তেখেতৰ বিশাল ব্যক্তিত্বৰ কথা লিখি শেষ কৰিব নোৱাৰি। বহু সোঁৱৰণীয়ে আহি মনৰ মাজত জুমুৰি দি ধৰিছে। তথাপি সেই গৰাকী মহান ব্যক্তিৰ কিছু ঘৰুৱা কথা, জীৱনৰ আন এটা দিশ উল্লেখ কৰিব বিচাৰিছোঁ। যিবোৰ সুঁৱৰি ভাল লাগে, দুখ লাগে।
১৯৭৩ চনৰ জুন মাহৰ আবেলি। মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰী। সেইদিনাৰ ছয়মাহিলী পৰীক্ষা দি আহি মোৰ মাজু দেউতাৰ ছোৱালী ৰাজ্য (ৰাজু) বনীয়া আৰু বৰদেউতাৰ সৰু ছোৱালী ৰেণু বাইদেউৰ লগত ফুৰিবলৈ ওলাইছোঁ। এনেতে বাহিৰলৈ ওলায়ে দেখিলোঁ মোৰ স্কুলৰ হিন্দী শিক্ষক প্ৰয়াত নৰেন চৌধুৰী চাৰ আৰু লগত দুজন ব্যক্তি। পিছত গম পালোঁ তেওঁলোকে কইনা চাবলৈ আহিছে। এজন গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ স্কুলৰ হিন্দী শিক্ষক প্ৰয়াত মানিক দত্ত, আনজন প্ৰয়াত উমেশ বৈশ্য। তেখেতসকলে মোৰ মাৰ লগত কিছু তত্ত্বগধুৰ কথা-বতৰা হোৱা যেন পালোঁ।
চাহৰ পৰ্ব শেষ হোৱাত বৈশ্যই মোক লাহেকৈ সুধিলে— আমি কিয় আহিছো গম পাইছানে? মই একো বুজি নোপোৱাত দত্তলৈ চাই ক'লে— ‘দত্ত, আপুনিয়ে কওঁকহে৷ এয়াই আছিল মোৰ বৈশ্যৰ সৈতে প্ৰথম সাক্ষাৎ।
১৯৭৪ চনৰ মে’ মাহৰ ৫ তাৰিখে আমাৰ বিবাহ সম্পন্ন হয়। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাল। মই নলবাৰী বালিলেছা গাঁৱৰ শহুৰৰ ঘৰত।
মোৰ বিয়াৰ কথা-বতৰা আলোচনা কৰোঁতে মায়ে শহুৰ দেউতাক। কৈছিল ছোৱালীজনীৰ পঢ়াৰ বৰ ইচ্ছা আছিল। তেতিয়া শহুৰ দেউতাই মাক কথা দিছিল আপুনি চিন্তা নকৰিব, ছোৱালীজনীক বিয়াৰ পিছতো আমি পঢ়ুৱাম।