পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


‘প্ৰগতিৰ গান’ : উমেশ বৈশ্য

এম. কামালুদ্দিন আহমেদ
গুৱাহাটী বিশ্ববিদ্যালয়

 এগৰাকী সৎ, সহজ-সৰল, দেশপ্ৰেমিক ব্যক্তি প্ৰয়াত উমেশ বৈশ্য (১৯৩৯- ১৯৯৮)ৰ গীতৰ সংকলন ‘প্ৰগতিৰ গান’ৰ বিষয়ে এটি আলোচনা লিখিবলৈ প্ৰণোদিত কৰিছে নিঃসন্দেহে তেওঁৰ ব্যক্তিত্বই। এনেবোৰ ব্যক্তিৰ কথা মনলৈ আহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথাই মনলৈ আহে। আৰু মনলৈ আহে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সৎ সংগ মাহাত্ম্যৰ কথা।

 তেনে এগৰাকী ব্যক্তিৰ কলমৰ পৰা নিগৰি ওলোৱা গীতসমূহৰ প্ৰাসংগিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি সম্ভৱতঃ যন্ত্ৰ সভ্যতাৰ এই আস্ফালনৰ সময়ত। গতিকে তেনে ব্যক্তিৰ প্ৰতিটো চিন্তাই আমাৰ মনত জগাই তোলে একপ্ৰকাৰৰ সহমৰ্মিতা। স্বাভাৱিকতেই অসমৰ বাৰে—বৰণীয়া সংস্কৃতি আৰু তাৰ ঐক্য উদ্ভাসিত হৈছে তেওঁৰ প্ৰথম গীতটোতঃ

“নানা জাতিৰ সমন্বয়ত
আমি অসমীয়া,
সেয়েহে আমাৰ সংস্কৃতি
বাৰে বৰণীয়া,
আমি ৰং বিৰঙৰ ফুল ফুলিছোঁ‌
নিজৰ নিজৰ ৰঙে
নাচি বাগি খেল খেলিছোঁ
এখন ফুলনিতে
যুগে যুগে আপোন সুখে।
আমি জাতিষ্কাৰ॥”

 বিভিন্ন উপ-জাতীয়তাবাদৰ উন্মেষ আৰু বিস্তাৰৰ পৰিপ্ৰেক্ষিতত এনেবোৰ গীতৰ প্ৰাসংগিকতা নতুনকৈ অনুধাৱন কৰাৰ প্ৰয়োজন সম্পৰ্কে দোহৰাৰ কোনো প্ৰয়োজন নাই। ‘প্ৰগতিৰ গান’ৰ ২নং, ৩নং, ৪নং ক্ৰমে—