পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
২১৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


থাকিব, কিন্তু ব্যক্তিগতভাৱে মই এনেকৈয়ে ভাবোঁ। বৈশ্যৰ গানবোৰত বৰ্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে; অন্যায়ৰ সমালোচনা আছে। সেইবুলি তেওঁৰ ক'তো উগ্ৰতা নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে। উগ্ৰতা তেওঁৰ স্বভাৱ-বিৰুদ্ধ, তেওঁ কৈছে :

যা-যা-যা-যা অসমীয়া
সীমান্ত পাৰ হৈ যা
কেনেকৈ ঘূৰিছে বিশাল পৃথিৱী
চা চকু মেলি চা।

 জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোেৰ প্ৰসঙ্গ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে আৰু তাৰ বিৰুদ্ধে থিয় দিবলৈ অসমীয়াক উদাত্ত আহ্বান জনাইছে।

 এনেবোৰ অনুভূতিৰ যে প্ৰয়োজন আছে তাত সন্দেহ নাই। তেওঁ কেতিয়াবা লোক সঙ্গীতৰ আৰ্হিত গণ-সঙ্গীতো ৰচনা কৰিছে। সি যি কি নহওঁক, তেওঁৰ গীতবোৰৰ সুৰৰ লাৱণ্য ক'ত, তাৰ বিশ্লেষণ কৰাৰ ধৃষ্টতা মোৰ নাই৷ তেওঁৰ কিছুমান গীত ৰাগভিত্তিক হ'ব পাৰে; ৰাগ আৰু লোক- গীতৰ সুৰৰ পাৰ্থক্য থাকিলেও, প্ৰতিভাবানৰ হাতত এই দুয়োটাৰ সন্মিলনো ঘটিব পাৰে যেন লাগে। শ্ৰীবৈশ্যৰ ক্ষেত্ৰত সেইটো হৈছেনে নাই সেইটো জনাই জানিব আৰু তেওঁৰ গায়ন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁৰ গীতৰ ভাষা প্ৰচাৰগন্ধী আৰু উচ্চ কণ্ঠ যেন অনুভৱ হয়; হয়তো উদ্দীপনাদায়ক গীতৰ ভাষা তেনে ধৰণৰ হ’বও পাৰে। অৱশ্যে তেওঁৰ ভাষা কেতিয়াবা সৰল আৰু ব্যঞ্জনাময়ঃ

সেউজী পথাৰত গৰু চৰি ফুৰে
ইৰিণা বিৰিণা খাই
বৰ বৰ বলধে ধাননি নাশিহে
আনন্দে পেট পূৰায়।

 এই ধৰণৰ কথাইহে সাধাৰণ মানুহক বেছিকৈ আকৃষ্ট কৰিব বুলি মোৰ ধাৰণা। অৱশ্যে শেষ বিচাৰত সুৰৰ মাধুৰ্যহে আকৰ্ষণৰ বস্তু হৈ পৰে। শ্ৰীবৈশ্যই গীত ৰচনা কৰে, তাত সুৰ দিয়ে; গতিকে এই দুয়োটা দায়িত্ব তেওঁ সুচাৰুভাৱে পালন কৰিছে। তেওঁৰ গীত ইতিমধ্যে গণমাধ্যমযোগে প্ৰচাৰিত হৈছে।