পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


মানুহৰ গণ্ডগােল, গৰুৰ হেম্বেলনি শুনিবলৈ পালোঁ। ৰাস্তাত মানুহ-দুনুহ নাই। ইতিমধ্যে বাটপথ তল গ’লেই। পানীৰ প্রবল সোঁতে আমাক কোবাই গ’ল। চৌপাশৰ এন্ধাৰৰ বেষ্টনীৰ মাজতাে পানীৰ ভয়াবহ দৃশ্য আমাৰ চকুত প্রকট হ’ল। আঠুৱনী পানীৰ সোঁতে মেটেকা, জাবৰ-জোঠৰৰ চাকবােৰ ভহাই আনি ভৰিত খুন্দিয়াই ঢাপলি মেলিলে।

 কদমতল’ৰ চ’কত আমি এৰা এৰি হােৱা কথা। কিন্তু দুয়ােজনে একেলগে আহি সখাৰ ঘৰত উপস্থিত হৈ মই আমাৰ ঘৰলৈ যােৱাৰ সিদ্ধান্ত ল’লাে। চ’কটো পাৰ হৈ আধা ফার্লংমান বাট আহিছােহে, এনেতে কোনােবাই সুধিলে, ‘কোন অ’ তহঁত? কেনেকৈ যাবি?’ আমি আমাৰ পৰিচয় দি থমকি ৰৈ ইফালে সিফালে চাই কাকো কতাে নেদেখি আচৰিত হ’লাে। সেই পানীৰ ৰাজ্যত হঠাতে কোন ওলাল আৰু নিমিষতে একো সাৰসুৰ নােহােৱাকৈ কত অন্তর্ধান হ’ল আমি দুয়ােজনে একো তর্কিবই নােৱাৰিলোঁ। ইতিমধ্যে মুহূর্ত ভিতৰতে আমাৰ পিছফালে তেনেই কাষতে ধুমকৈ এটা শব্দ হ’ল আৰু হােহােৱাই প্রচণ্ড বেগেৰে পানী বাগৰি যাবলৈ ধৰিলে। আমি বুজিলোঁ যে বানপানীৰ কোবাল সোঁতে ৰাস্তা ভাঙি উটুৱাই নিলে। সামান্য দেৰি হােৱা হলে সিদিনা সেই ৰাতি আমাৰ কি গতি হ’লহেঁতেন বুজাব নােৱাৰিম।

 এই কথা শুনি সখাৰ আইতাই কপালত চপৰিয়াই কৈছিল, বাচিলি! জলদেৱতাই তহঁতক নিবলৈ আহিছিল, দয়া কৰি এৰি গ’ল। নৱম শ্ৰেণীৰ পৰা আই এছ ছি ক্লাছৰ শেষলৈকে (১৯৫৮-৬২) এই সময়ছােৱাৰ ভিতৰত সখাৰ লগত একেলগে ভালেকেইখন ছুপাৰহিট ছবি উপভােগ কৰাৰ অভিজ্ঞতা এতিয়াও এটা অতি সৌভাগ্যৰ চিন স্বৰূপে অনুভূত হয়। অৱশ্যে এই কালছােৱা ছবিজগতৰ ইতিহাসৰে সােণালী যুগৰ ভিতৰতে পৰে। বিখ্যাত অভিনেতা-অভিনেত্রীক দেখা সৌভাগ্য, তেওঁলােকৰ চমকপ্রদ অভিনয়, বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক আদিৰ সুৰৰ মায়াজালত বুৰ গৈ সেই সময়ত আমি দুই বন্ধুৱে আপােন পাহৰা হৈ এক অননুভুত আনন্দত মগ্ন হৈ আছিলাে।

 সেই সময়ৰ বিখ্যাত ছবি শ্রী ৪২০, নাগিন, আৱাৰা, দো-আঁখে বাৰ হাত, মধুমতী, মাদাৰ ইণ্ডিয়া, মােগল-ই-আজম, সুজাতা আদিয়ে আমাৰ দুয়ােৰে জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। বিশিষ্ট অভিনেতা-অভিনেত্রী ৰাজকাপুৰ, দিলীপ কুমাৰ, দেবানন্দ, বলৰাজ সাহানী, নার্গিছ, মধুবালা, বৈজয়ন্তীমালা, উত্তম কুমাৰ, সুচিত্রা আদিৰ অভিনীত এখন ছবিও আমাৰ