পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

হোৱাৰ লগে লগে দেশো অন্ধকাৰ হ’ব।

অজ্ঞানতাৰ এন্ধাৰ নাশি
নানো যদি পোহৰ মাতি
ধীৰে ধীৰে ল’ব আমাৰ
ঘৰে মলিন বেশ
এন্ধাৰ হ’ব দেশ॥

 (৩১) দেশৰ উদাসীন জনতাই সূৰ্য উদয় হোৱাৰ পিছতহে শোৱাপাটী এৰে। গুৰি ধৰোতা সকলো কৰ্ম বিমুখ যদিও এলাহ-জড়তা এৰি সাৰ পাই উঠিল। কাৰণ এতিয়া নিষ্পেষিত, দলিত সকলে এলাহ পৰিহৰি, দেশ সুন্দৰকৈ সজোৱাৰ আহ্বান শুনি সচেতন হৈছে। জাতি-ধৰ্মৰ ভেদাভেদ পাহৰি সকলো একগোট হৈ দেশৰ প্ৰগতিৰ হকে কাম কৰিবলৈ অংগীকাৰবদ্ধ হৈছে—

ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুৱাত
হ'ক এই অঙ্গীকাৰ।

 (৩২) গীতিকাৰজনে সাম্প্ৰতিক কালৰ মঞ্চকেন্দ্ৰিক বিহুৰ মাজত পুৰণি কালৰ বিহুৰ ৰূপ বা প্ৰতিফলন দেখা নাই। গাভৰুহঁতৰ খোপাত তাহানিৰ কপৌফুল আজি নাই— তাৰ ঠাইত আছে বজাৰৰ ৰং-বিৰঙৰ কাগজৰ ফুল। ডেকাসকলৰ গাৰ বিহুৱানত চেনেহীৰ চেনেহ সনা দেখা নাযায়— সেয়া বজাৰৰ গামোচাৰ চেনেহৰ জ্ঞান ৰহিত বিহুৱানহে। বিহুৰ বতৰ বুলি আজি একো উদুলি-মুদুলি নাই, নাই কুলি-কেতেকীৰ মন জুৰুৱা মাত। আধুনিকতাৰ পশ্চিমা বতাহে জাবৰ-জোথৰেৰে ঘৰৰ মজিয়া ভৰাই লেতেৰা কৰিছে। সেইবোৰ আঁতৰাই পৰিষ্কাৰ কৰিব নোৱাৰিলে ঘৰৰ মজিয়াত অনিষ্টকাৰী এন্দুৰ-নিগনিয়ে বাহ ল’ব— গীতিকাৰজনে বিদেশী-বহিৰাগত যিসকলে দেশৰ সংস্কৃতিৰ অনিষ্ট কৰিছে সেই সকলক এন্দুৰ-নিগনিৰ ৰূপত দেখা যেন লাগে। বাপতি সাহোন বিহুক অক্ষত ৰূপত ৰাখিবৰ বাবে গীতিকাৰজনে দেশৰ ৰজা-প্ৰজা সকলোকে একগোট হোৱাৰ আহ্বান জনাইছে—

ৰজা প্ৰজা মিলি আহা আগবাঢ়ি
 আমাৰে বিহুটি যায়