পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

দায়িত্ব পালন কৰিলে— সেয়া হ'ল তেওঁৰ চিন্তাৰ সাৰবত্তা— এক ডজন গ্ৰন্থ ৰচনা কৰি প্ৰকাশৰ পথত অগ্ৰসৰ হোৱাতো ধেমালি নহয়। তেওঁৰ সুশিক্ষিতা ভাৰ্যা তথা শিক্ষয়িত্ৰী শ্ৰীৰিণা বৈশ্য আৰু পুত্ৰসকল এই কাৰ্যৰ বাবে ধন্যবাদৰ পাত্ৰ। সেই গ্ৰন্থসমূহেই বৈশ্যক অমৰত্ব দান কৰিব। সমাজ আৰু সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা এই অবদানেই হল বৈশ্যৰ শাশ্বত জীৱন প্ৰতীক। শেষত Thomas Gray's- Elegy written in a Country Churchyard-ৰ পৰা চাৰিশাৰী কবিতা উদ্ধৃতি কৰিলোঁ, বৈশ্যৰ কৃতিৰ লগত ইয়াৰ নিশ্চয় সামঞ্জস্য আছে বুলি ভাবো—

Full many a gem of purest ray serene
The dark unfathomed caves of ocean bear.
Full many a flower is born to bush unseen,
And waste its sweetness on the desert air. •


(লেখক গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)