সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


 মোৰ মা প্ৰয়াত বিশাখা বনীয়াও এগৰাকী শিক্ষয়িত্ৰী আছিল। মই সপ্তম শ্ৰেণীত পঢ়ি থাকোতে মোৰ দেউতা ঢুকাইছিল। গতিকে মায়ে আমাৰ শিক্ষা আহৰণত যথেষ্ট গুৰুত্ব দিছিল।

 স্বামী চাকৰিসুত্ৰে গুৱাহাটীত থাকে। মই ঘৰৰ ডাঙৰ বোৱাৰী। শহুৰ- শাহুমা, দেওৰ চাৰিজন, ঘৰৰ ওচৰতে বিয়া দিয়া ননদ আদিৰে গাঁৱৰ এটা ভৰা পৰিয়াল। বোৱাৰী বুলি ক'লে যি দায়িত্ব পালন কৰিব লগা হয় মোৰো সেয়াই হৈছিল। মোক পঢ়াবলৈ হ'লে গুৱাহাটীলৈ লৈ যাব লাগিব। মই বুজি উঠিছিলো যে শহুৰ দেউতা আৰু শাহু মায়ে মোক গুৱাহাটীলৈ পঠিয়াবলৈ হ'লে মনত বৰ কষ্ট পাব। মই মেট্ৰিক পৰীক্ষা দিয়া বছৰতে হিন্দীৰ প্ৰৱেশিকা পৰীক্ষাটো উত্তীৰ্ণ হৈছিলো। হিন্দী মোৰ প্ৰিয় বিষয় আছিল। শহুৰ দেউতাই সেয়ে মোক গাঁৱতে হিন্দীৰ পৰীক্ষাটো দিয়াব খুজিলে।

 সেই সময়ৰ কিছুমান সৰু সৰু কথা এতিয়াও মোৰ মনৰ মাজত সজীৱ হৈ আছে। বৈশ্যই বন্ধ পালে বিশেষকৈ শনিবাৰে ঘৰলৈ আহিলে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, ৰেচনৰ দোকানৰ আটা, চেনী, চাউল আদি কৰি সকলো লৈ আহে। মোলৈকে লৈ আহে এটি কবিতা’। ঘৰলৈ তেখেত আহিব বুলি জানিলে ঘৰৰ সকলোৱে সজাগ হৈ থাকে। সৰু ভায়েকৰাতুল সেই সময়ত ঘৰত উপস্থিত নাথাকিলে শাহুমায়ে বিচাৰি আনে। তেখেতে ঘৰলৈ আহিলে ভায়েকহঁতৰ পঢ়া-শুনাৰ খবৰ লোৱাৰ লগতে মোৰো পঢ়াৰ খবৰ লয়। ইংৰাজী গ্ৰামাৰ বুজাই দিয়া, লিখিবলৈ দি যোৱা পাঠটি হৈছে নে নাই, বুজি পাইছো নে নাই ইত্যাদি। মোৰো লাজ ভয় দুয়োটাই লাগে। কাৰণ ইংৰাজী গ্ৰামাৰ মই এনেয়ে বহু টান পাওঁ। কিন্তু এই টান পোৱা বিষয়টোও তেখেতে এনেদৰে সহজ সৰল উদাহৰণেৰে হাঁহি ঘূৰ্তিৰে গ্ৰামাৰৰ প্ৰতি থকা ভয়টো আঁতৰাই ৰসাল কৰি পঢ়াইছিল ভাবিলে আচৰিত লাগে। মই যে এগৰাকী পত্নী, এখন ঘৰৰ ডাঙৰ বোৱাৰী, পটুৱাই থকা সময়ত তেখেতৰ মনলৈ নাহে, মই যেন এগৰাকী ছাত্ৰীহে।

 মোক আৰ্য্য বিদ্যাপীঠ কলেজত নাম লগাই দিয়াত গুৱাহাটীলৈ আহিব লগা হ'ল। সেই সময়ত ভায়েক ৰমেশ বৈশ্য পঢ়ি আছে প্ৰাগজ্যোতিষ কলেজত বি.এছ.চি. প্ৰথম বাৰ্ষিকত, অতুল পঢ়ি আছে আৰ্য্য বিদ্যাপীঠ স্কুলত নৱম শ্ৰেণীত। মই আৰ্য কলেজত পি. ইউ. প্ৰথম বাৰ্ষিকত। বিৰুবাৰীৰ আমাৰ ঘৰখন যেন এখন হোষ্টেলহে। ময়ো পঢ়ি থাকো, দেওহঁতেও পঢ়ি থাকে।