পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল


বিদ্যালয় সঙ্গীত

(বিদ্যালয় সপ্তাহ উপলক্ষে ৰচিত। ২০/৩/৯৮)

উমেশ বৈশ্য

এই যে তীৰ্থ বিদ্যাভূমি
স্বৰ্গাদপি গৰীয়সী
এই যে আমাৰ জীৱন গঢ়া
পুণ্য তপোবন
শান্তি নিকেতন॥
০০০
দুচকু থাকিও অন্ধ আমি
জ্ঞানৰ নেদেখোঁ পথ
আমাৰ ভগন মনোৰথ,
এই তীৰ্থই দেখালে আমাক
আলোৰ স্বৰ্ণ পথ।
সেয়েহে আমাৰ এই প্ৰাঙ্গন
জীৱনৰ মৌ বন॥
০০০
আমি ফুলি আছোঁ ভাগে ভাগে
এই ফুলনিত মহাৰঙে
নতুন নতুন ৰঙীন সপোন
জাগে আমাৰ প্ৰাণে প্ৰাণে
ফুল বাগিছাৰ মালী আমি
আমাৰ চেনেহ প্ৰাণে প্ৰাণে
সুবাস বিলাই জগৎ জিনিম
সুবাস বিলাই জগৎ জিনি
হম কীৰ্তিমান
এই যে আমাৰ পণ॥