সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


ঢালিলে। কিছু সময় থমকি ৰলো। ভুল ক’ত হৈছে বিচাৰি নোপোৱাত কিছু বিদ্ৰোহী সুৰত সুধিলো- “পিতা, উত্তৰটো চোন শুদ্ধ হৈছে, অঙ্কটো কিয় কাটিলা?” “উত্তৰ শুদ্ধটো লক্ষ্য হোৱাতকৈ শুদ্ধভাৱে উপনীত হোৱাটোহে লক্ষ্য হোৱা উচিত’ পিতাৰ স্পষ্ট উত্তৰ। “তোমাৰ বৰ্গমূল চিহ্নৰ প্ৰয়োগ যথাস্থানত হোৱা নাই।”

 আজি H.S.L.C.ৰ ফলাফলৰ দিন। পুৱাৰে পৰা এক নজনা ভয়। ফলাফলত স্কুলৰ চাৰসকলে কিছু আশা কৰিছে। নৱম আৰু দশম শ্ৰেণীত একেৰাহে ৰোল নং এক ছাত্ৰ। তাতে আকৌ সুকীয়া পৰিচয়- বৈশ্য চাৰৰ ল'ৰা। পিতা সেই সময়ত খুবেই সাহসী ভাবে বৃক্কৰ অসুখটোৰ সৈতে অবিৰাম যুঁজত ব্যস্ত। এক ব্যৰ্থ যুঁজাৰু। শেষ সময় সমাগত। হয়তো প্ৰতি মুহূৰ্তত কিমানবাৰ কিমান প্ৰাবল্যৰ শক্তিৰ বিৰুদ্ধে নিজকে প্ৰমাণিত কৰি আছিল সেয়া বুজাৰ বোধেৰে মই বিকাশৰ পথত বহু তলত। পুৱাৰে পৰা ফলাফলৰ ভয়তে পিতাৰ শোৱা কোঠাটোৰ পৰা এক নিৰ্দিষ্ট কক্ষপথত ঘূৰি ফুৰিছো।

 “ফলাফল ওলাবৰ সময় হৈছে, পিতাৰাক সেৱা কৰি স্কুললৈ যা” মাৰ কথাত লাহে লাহে পিতাৰ কাষলৈ গ'লোঁ। কিছু সময় মোৰ ফালে থৰ লাগি চাই আছে। “বাবা, মনত জোৰ আছে নে?... ফলাফল ভাল হ’ব যোৱা”।

 স্কুল পাওঁ নৌপাওঁ। চিঞৰ-বাখৰবোৰ দূৰৈৰ পৰাই ভাঁহি আহিছে। চাগৈ ফলাফল সকলোৱে পাইছে। এনেতে সন্মুখৰ পৰা জয়ন্তৰ চিঞৰ, অৰুণ তই এখনতো লেটাৰ পোৱা নাই। পিছে তোৰ ৰিজাল্ট সকলোতকৈ ভাল হৈছে। স্কুলত সকলোৱে প্ৰশংসাৰে ওপচাই পেলালে। স্কুলৰ ভিতৰত প্ৰথম। শিক্ষকসকলেও অভিনন্দন জনালে। এখনতো লেটাৰ নোপোৱা বিষাদে মোৰ স্কুলৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাৰ কৃতিত্বটো যেন ম্লান কৰি আছে। লেটাৰ মাৰ্কচ পাবলৈ গণিতত ৮, ইংৰাজীত ৪, বিজ্ঞানত ৮, উচ্চ গণিতত ৬ নম্বৰৰ অভাৱ। স্কুলৰ পৰা ওভটাৰ পথত পিতাই কোৱা কথাষাৰ মনলৈ আহিছে। “শুদ্ধভাৱে উপনীত হোৱাটোহে লক্ষ্য হোৱা উচিত।” এক সুন্দৰ ফলাফলৰ পৰা বঞ্চিত হোৱাত বিষয়কেইটাৰ ওপৰত প্ৰচুৰ দখল থকা সত্বেও নিজৰ সূক্ষ্ম ভুলবোৰে কেনেকৈ নিজৰ আগতে নিজকে হাৰ মনাবলৈ বাধ্য

কৰালে সেয়া বুজিবলৈ বাকী নাথাকিল।

[৩]