পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


হাজৰিকাদেৱৰ উদ্দীপনাময় গীতৰ সুৰে সকলো জনগণক মোহিত কৰিছিল। এনে প্ৰসংগত গীতৰ ভাষাইহে সুৰৰ মাধুৰ্য প্ৰকাশ কৰে বুলি আমি ভাবো। প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ মাধুৰ্য হ’ল— তেখেতৰ গীতৰ ভাষাৰ সৰলতা। অৱশ্যে এই সৰলতাৰ আঁৰত কেতিয়াবা একো একোখন ব্যঞ্জনাময় চিত্ৰও বৈশ্য ডাঙৰীয়াই আঁকি থৈ গৈছে—

সমাজ ধাননি ৰাখিব খুজিলে
বলধক লগোৱা ৰচি
গৰু গৰু হৈ ঢাপলি মেলিব
ধাননি পেলাব খচি
মুঠ টান কৰি ধৰিবা ৰচি
সুলকি যাতে নাযায়। (প্ৰগতিৰ গানঃ ২৭)

 অৱশ্যে কেতিয়াবা বৈশ্য ডাঙৰীয়াই গীতৰ মাধুৰ্য প্ৰতীকৰ মাধ্যমেৰে ব্যক্ত কৰাত সুৰৰ আকৰ্ষণ প্ৰতীকৰ কেন্দ্ৰ বিন্দুহৈ পৰে—

১। বৰ বৰ বলধে ধাননি নাশিহে
আনন্দে পেট পুৰায়। (প্ৰগতিৰ গানঃ ২৭)
২। আহিব পাৰে কাকতি ফৰিং
দিবা তাক উৰুৱাই। (প্ৰগতিৰ গানঃ ২৭)
৩। ধাননি বুকুৰ কাকতি ফৰিং
জাক পাতি পাতি উৰি। (প্ৰগতিৰ গানঃ ৪২)
৪। থাকিলে থাকক শিহু ঘঁৰিয়াল
পথৰ কণ্টক ভাই। (প্ৰগতিৰ গানঃ ৪৮)

 গীতৰ ভাৱ বচন সুৰৰ মাধ্যমেৰে প্ৰকাশ পায়। অৱশ্যে গীতৰ সহজ- সৰল ভাষাইহে মানুহক আকৰ্ষণ কৰে। এনে ক্ষেত্ৰত বৈশ্য ডাঙৰীয়াৰ গীতৰ ভাষাও আছিল সহজ-সৰল আৰু সকলোকে আকৰ্ষণ কৰিব পৰা ধৰণৰ তেজস্বী—

আহ আহ আহ হেৰ অসমীয়া
এতিয়াও আহ আহ হেৰ অসমীয়া
বাহিৰে ভিতৰে হৈ অসমীয়া
জিলিকাই তোলো আমি
বিশ্বৰ দৰবাৰ। (প্ৰগতিৰ গানঃ ৫৩)