পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বাকী আছিল, সেয়েহে জীৱনৰ পাঁচটা বছৰত শেষ কৰিব পাৰিম বুলি ভাবিছিল।

 চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাঁচ বছৰ আগতেই তেখেত গুচি গ’ল। চাৰিওটি ল’ৰা স্কুল-কলেজত পঢ়ি আছিল। জ্যেষ্ঠ পুত্ৰ আছিল বাহিৰত পঢ়ি। তেখেতৰ অবৰ্তমানত ঘৰখন পৰিচালনা কৰাত মানসিক কষ্ট ভোগ কৰিব লগা হৈছিল যদিও মই হতাশ হোৱা নাছিলোঁ।

 প্ৰয়াত স্বামীৰ আদৰ্শৰে পুত্ৰসব সৎ মানুহ হোৱাৰ যি ঐকান্তিক চেষ্টা সেয়া সফল হ’বলৈ ভগৱানৰ ওচৰত কৰযোৰে অহৰ্নিশে প্ৰাৰ্থনা জনাই আহিছোঁ‌।

 মৃত্যু সকলোৰে বাবে অৱশ্যম্ভাৱী। তেখেত আজি আমাৰ মাজত নাই যদিও আমাৰ মনত চিৰদিন অমৰ হৈ ৰৱ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক এয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। শেষত প্ৰয়াত বৈশ্যলৈ

মোৰ হিয়াভৰা একাজলী শ্ৰদ্ধাঞ্জলী নিবেদন কৰি লিখনিৰ সামৰণি মাৰিছোঁ।●

(লেখিকা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী।)