আৰু উদ্যম অতি প্ৰশংসনীয়। তেওঁ প্ৰখ্যাত সংগীতজ্ঞ ক্ৰমে বীৰেন্দ্ৰ ফুকন, সুধীৰ চৌধুৰীৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। ইয়াৰ আগতে তেওঁ নলবাৰীৰ প্ৰখ্যাত সংগীতজ্ঞ চৈয়দ জমিৰুদ্দিন আহমেদৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। নিজে সংগীতৰ জ্ঞান লাভ কৰি, ছাত্ৰ-ছাত্ৰীক সংগীতৰ শিক্ষা দিবলৈ প্ৰথমতে মাধৱদেৱপুৰ গন্ধৰ্ব সংগীত মহাবিদ্যালয়ত, তাৰ পিছত কালাপাহাৰত থকা অসম মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰে। বৈশ্যই ইয়াতেই সন্তুষ্ট নাথাকি বিৰুবাৰীৰ নিজ গৃহত ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় স্থাপন কৰে। ইয়াতে বুজা যায়, বৈশ্যৰ সংগীতৰ প্ৰতি কিমান ৰাপ, কিমান ত্যাগী, কষ্টসহিষ্ণু পুৰুষ। স্কুল এখন প্ৰতিষ্ঠা কৰা, সেয়াও নিজৰ সামৰ্থৰে কিমান টান কাম, বুজাই বুজে।
- গতিকে আমি বিনাদ্বিধাই ক’ব লাগিব বৈশ্যদেৱ একাধাৰে এজন
ভাল শিক্ষক, ভাল সংগীতজ্ঞ আৰু এজন প্ৰতিষ্ঠাপক লোক। এনে বহু গুণৰ অধিকাৰী লোক কমেই আছে আমাৰ সমাজত। অকল সেয়াই নে? তেওঁ আছিল এজন ভাল লেখক তথা সাহিত্যিক। তাৰ প্ৰমাণ আমাক দি থৈ গৈছে। শিক্ষা জগতৰ কাৰণে তেওঁ কেবাখনো অমূল্য গ্ৰন্থ লিখি থৈ গৈছে। তাৰ ভিতৰত ৰচনা মলিকা’, ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়।’ এই দুয়োখন পুথি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি মূল্যবান। ইয়াৰ উপৰি নানা দকাৰী বিষয়ৰ ওপৰত কেবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ‘অশান্ত জন্মভূমি, ‘তই যুক্তি যুদ্ধ কৰ’, ‘মিলন ইত্যাদি। বৈশ্যৰ আন মূল্যবান পুথি, যেনে— ‘প্ৰগতিৰ গান’, ‘চিন্তা প্ৰৱাহ’, ‘গীত চন্দ’, উচ্চ মাধ্যমিক অঙ্ক সহায়িকা', ‘Higher Secondary English Grammar' তেওঁ জীৱিত কালত দেখা নাপালে। আমি জনামতে এই গ্ৰন্থ কেইখন প্ৰেছত দিয়া আছে। আমি আশা কৰো তেওঁৰ পৰিয়ালবৰ্গই এই কেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব। সাহিত্যৰ সাধনাৰ ক্ষেত্ৰত বৈশ্য কিমান দূৰদৰ্শী পুৰুষ আছিল গ্ৰন্থ ৰচনাৰ বিষয়বস্তুবোৰ লক্ষ্য কৰিলেই বুজা যায়। অপ্ৰয়োজনীয় গ্ৰন্থ ৰচনা কৰি তেওঁ সময় কটোৱা নাছিল। যিবোৰ গ্ৰন্থই ছাত্ৰ-ছাত্ৰী বা সকলো শ্ৰেণীৰ পাঠককে জ্ঞানৰ পোহৰ বিলাব পাৰে তেনে পুথি ৰচনাতহে বৈশ্যই হাত দিছিল।
- প্ৰয়াত উমেশ বৈশ্যৰ কথা প্ৰায়েই মনত পৰে। বিৰুবাৰীৰ ঘৰৰ পৰা
আৰ্য বিদ্যাপীঠ স্কুললৈ প্ৰায়েই খোজ কাঢ়ি আহিছিল। সেইচোৱা বাটতে দুয়ো ভেটাভেটি হৈ কথা পাতিছিলো। দুয়ো পৰস্পৰৰ খবৰ বাতৰি লৈছিলো। মোৰ