পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


সমন্বয়ৰ গীত

কথা আৰু সুৰ : উমেশ বৈশ্য

সূৰ্য্য উঠিল টোপনি ভাঙিল
উদাস জনতাৰ
কর্মবিমুখ জড়তা নাশি
জাগিল কর্ণধাৰ॥
 ০০০

দলিত পীড়িত নিষ্পেষিতৰ
এই সময় মুকুতি যুঁজৰ
সমাজ জাতিষ্কাৰ
শুনো আহ্বান আকাশ বুকুত
সমাজ সজোৱাৰ।

 ০০০

ধােলি মালী লাল বেগী হীৰা
বাছফোৰ বণিয়া,
ধােবী মহৰা মেটৰ মুচী
জালকেওট জালীয়া
নমঃ শূদ্র জালােমালাে পাটনি সূত্রধৰ
এক বাগিছাৰ কুসুম আমি গন্ধপুষ্পহাৰ ৷৷

 ০০০

কোচ কুমাৰ শালৈ যােগী মৰাণ চুতীয়া,
নেপালী আহােম খৃষ্টান শিখ গণক মৰীয়া,
পাহাৰ ভৈয়াম জনজাতি কায়স্থ কলিতা,
গােসাই বামুণ যত জাতিগণ মিলাই হিয়াত হিয়া,
আহা আগবাঢ়ি ভাঙি কাৰাগাৰ হওঁ আমি একাকাৰ
ঐক্যবদ্ধ সুৰেৰে আমি প্রগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি সমাজ গঢ়ি যাওঁ,
আজি নতুন দিনৰ নতুন পুৱাত হওক এই অঙ্গীকাৰ৷৷