পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

মনত পৰিল। ৰবিৰ কিৰণত নিষ্প্ৰভ হৈ থকা জীৱনানন্দই মৃত্যুৰ পিচতহে যোৱা প্ৰায় সত্তৰ বছৰ ধৰি একেৰাহে চৰ্চিত ব্যক্তি হৈ আছে। এইক্ষেত্ৰত উমেশ বৈশ্য দেৱৰ 'সুৰ বিচাৰি বাৰ বছৰ' নামৰ গ্ৰন্থখনৰ 'বেজবৰুৱাৰ হাস্যৰস’ নামৰ চমু প্ৰবন্ধটোৰ পৰা এটা উদ্ধৃতি দিয়াৰ লোভ সম্বৰণ কৰিব নোৱাৰিলো। “.....কোনোবা এজন ইংৰাজ লেখকে কৈছিল— তিনি বছৰ সুখ্যাতি থকা সাহিত্য ঝনঝনাই যোৱা। ত্ৰিশ বছৰ থাকিলে যশস্যা। তিনিশ বছৰ থাকিলে অমৰ আৰু তিনিহাজাৰলৈ থাকিলে হ'মাৰ।’ কথাষাৰ প্ৰদীপৰ পোহৰত থকাসকলৰ বিষয়েহে খাটে। কিন্তু এই কথা আমি সকলোৱেই জানো যে পোহৰ নপৰা এন্ধাৰৰ জগতখনৰ ব্যাপ্তি তুলনামূলক ভাবে বৃহত্তৰ। তাত কি হৈ থাকে সেই বিষয়ে খবৰ লওতাহে নাই। গাত পোহৰৰ বিচ্ছুৰণ নপৰা আৰু এন্ধাৰৰ মাজতেই যুগ যুগ ধৰি বাস কৰা কৌটি কৌটি জনতাৰো আছে এখন সমাজ যত ধনী-দুখীয়া আছে, আছে সুন্দৰ-অসুন্দৰৰ দ্বন্দ, আছে ৰাজনীতি-কূটনীতি, আছে ৰজা-প্ৰজাৰ মাজৰ শোষণভিত্তিক এখন সমাজ। এই কথা ঠিক যে আজি যিসকলক আমি পোহৰত বাস কৰি থকা দেখিছো, তেওঁলোক সকলোৱে পোহৰৰ উপযোগী বাসিন্দা নহয়, কিন্তু কৌশলেৰে সিহঁতে প্ৰদীপৰ স্থানটোক দখলত ৰাখিবলৈ সক্ষম হৈছে আৰু লানি নিছিগাকৈ পোহৰ উপভোগ কৰি আহিছে।

 প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য মহোদয়ক মই ব্যক্তিগতভাৱে চিনি নাপাওঁ। এনেকি পঢ়া-শুনা কৰিও তেখেতক মই গম পোৱা নাছিলো। পিচে গ্ৰন্থ এখন হাতত পাই তাৰ অন্তৰৰ উত্তাপখিনি অনুভব কৰি বুজি পালো যে পাদপ্ৰদীপৰ পোহৰ জগতখনত তেখেতৰ ঠাই হোৱা নাছিল। পোহৰ সাম্ৰাজ্যৰ অধীশ্বৰসকলে তেখেতৰ সংগীত জগতৰ বিশেষ জ্ঞান থকা সত্বেও পোহৰত স্থান নিদিলে। সহজ-সৰল আৰু কূটনীতি বুজি নোপোৱাসকলৰ যে পোহৰত স্থান থাকিব নোৱাৰে!

 এই কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে অসমৰ সমাজখন লোক সঙ্গীতেৰে জিপাল এখন সমাজ। ইয়াত এতিয়ালৈকে জনজাতীয় বৈশিষ্টসমূহৰ প্ৰভাব অক্ষুণ্ণ হৈ আছে। সেই কাৰণে ধ্ৰুপদী ভাৰতীয় সংগীতে অসমত বৰকৈ স্থান দখল কৰি ল'ব পৰা নাই। শঙ্কৰ গুৰুৱে পাঁচশ বছৰ আগতেই তেখেতৰ সৃষ্টিৰাজীৰে অসমত ধ্ৰুপদী সংগীতৰ চৰ্চাৰ পাতনি মেলিছিল যদিও তাৰ প্ৰচাৰ প্ৰসাৰে ব্যাপকতা লাভ কৰিব পৰা নাছিল।