পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


প্ৰয়াত উমেশ বৈশ্যঃ ৰসজ্ঞ, বিজ্ঞ, অভিজ্ঞ আৰু সংগীতজ্ঞঃ আজি বহুতৰে নমস্য

ৰামচৰণ পাঠক
বিৰুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্য যে এজন মিতভাষী লোক আছিল সেইটো মই তেখেতৰ লগত প্ৰথম চিনাকি দিনৰ পৰাই গম পাইছিলোঁ। কম কথা কৈ ভালপোৱা, আনৰ কথা মনযোগ দি শুনা লোক আছিল প্ৰয়াত বৈশ্য। মোৰ লগত তেখেতৰ আত্মীয়তা গঢ়ি উঠিছিল সংগীতৰ জৰিয়তেহে। জীৱিত কালত পাবলগীয়া মান/যশখিনিৰ পৰা বঞ্চিত হলেও তেখেত এজন যে সংগীতানুৰাগী আৰু জ্ঞানপুষ্ট লোক আছিল সেইটো তেখেতে এৰি থৈ যোৱা ৰচনাৱলী আৰু তেখেতৰ কৃতকৰ্মৰ পৰাই উমান পোৱা যায়। প্ৰচাৰবিমুখ বৈশ্য একেধাৰে গীতিকাৰ, সুৰকাৰ, লেখক আৰু বিদূষী ব্যক্তি আছিল।

 তেখেতে নিজে গীত লিখি কৰা সুৰৰ গীত মই একাধিকবাৰ শুনাৰ সুবিধা পাইছিলোঁ। পিছে সংগীতৰ লগত তেখেত যিমানে ওতঃপ্ৰোতভাৱে জৰিত বুলি জানিছিলোঁ সিমানেই তেখেতৰ খুহুতীয়া মন এটাও যে আছিল তাকো বহুবাৰ প্ৰমাণ পাইছিলোঁ। ৰসৰ কথা ওলালে সময়ৰ জ্ঞান পাহৰা বিধৰ লোক আছিল তেখেত। আন কথাত ক'বলৈ হ'লে উপযুক্ত পৰিবেশত তেখেত এজন খুহুতীয়া কথাৰ ভঁৰাল আছিল। তেখেতৰ প্ৰাণখোলা হাঁহিৰ মুখখন এতিয়াও মনত পৰে।

 আচলতে মোক প্ৰয়াত বৈশ্যৰ সৈতে চিনাকি কৰি দিছিল মোৰ আন এজন বন্ধু, ৰসৰ ভঁৰাল, এসময়ৰ গায়ক, নৃত্যশিল্পী, কথাশিল্পী শ্ৰীমানিক দত্তই। শ্ৰীদত্ত তেখেতৰ প্ৰতিবেশী।

 ১৯৭৩ চনৰ মে’ মাহৰ কথা। মই তেতিয়া পাহাৰৰ বাসিন্দা। অৰ্থাৎ তেখেত থকা ঠাইৰ ওপৰৰ ফালে একচনীয়া পট্টাৰ পাহাৰীয়া মাটি এডোখৰ লৈ তাতে খেৰীঘৰ এটা সাজি মই থাকোঁ। মই মানে মোৰ সৰু পৰিয়ালটোৰে