সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

এক শাস্ত্ৰীয় সংগীতৰ ঐতিহ্যময়ী পৰিৱেশ লক্ষ্য কৰিছিলোঁ। শাস্ত্ৰীয় সংগীতৰ নীৰৱ সাধক শিল্পী জমিৰুদ্দিন আহমেদক নলবাৰীৰ সমাজ জীৱনত পৰিচিত কৰি দি তেখেতৰ জৰিয়তে এক গৌৰৱোজ্জ্বল শাস্ত্ৰীয় সংগীতৰ ধাৰা নলবাৰীত প্ৰৱাহিত কৰাত উমেশ বৈশ্যদেৱে বিশেষ ভূমিকা পালন কৰিছিল। শ্ৰীযুত প্ৰফুল্ল কলিতা, শ্ৰীযুত শ্যাম দত্ত, শ্ৰীযুত প্ৰবীন শৰ্মা, উমেশ বৈশ্য আদি শাস্ত্ৰীয় সাধকসকলে শিল্পী জমিৰুদ্দিন আহমেদৰ নেতৃত্বত আনকি গীতশ্ৰী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰি নলবাৰীত এক সাংস্কৃতিক পৰিৱেশ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত নলবাৰী সংগীত বিদ্যালয়, নলবাৰী আৰ্ট স্কুল, সৰ্বভাৰতীয় আদি অনুষ্ঠানে নলবাৰীত এক শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল পৰিৱেশ প্ৰতিষ্ঠা কৰিছিল। আমি নলবাৰী কলেজত পঢ়া কালত যোৱা শতিকাৰ ৭০ দশকৰ শেষ ভাগত মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু বিশেষভাৱে সেই সময়ৰ উপাধ্যক্ষ সাহিত্যিক প্ৰয়াত জগন্নাথ চক্ৰৱৰ্তীদেৱৰ সহযোগিতাত কলেজ প্ৰেক্ষাগৃহত এক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আয়োজন কৰা হৈছিল; যত অধ্যাপক যাদব দাসদেৱে তবলা সংগত কৰাৰ উপৰিও শিল্পী জমিৰুদ্দিন আহমেদ আৰু শিল্পী গিৰিজানন্দ ভট্টাচাৰ্যদেৱে সংগীত পৰিৱেশন কৰিছিল। অনুষ্ঠানত সুৰ সংগত কৰিছিল শিল্পী উমেশ বৈশ্যদেৱে। সেই স্মৃতি আমাৰ অন্তৰত আজিও অম্লান আছে। উমেশ বৈশ্যৰ চেষ্টাত আমাৰ অঞ্চলটো এক শ্ৰেণী শাস্ত্ৰীয় সংগীতৰ শ্ৰোতা সাধকৰ জন্ম হৈছিল। উমেশ বৈশ্যদেৱে আমাৰ ছাত্ৰাৱস্থাত বালিলেছা কালীমন্দিৰ সভাগৃহত ভাৰতৰ কোনো প্ৰখ্যাত ওস্তাদৰ দ্বাৰা শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান উদ্যাপন কৰাৰ মধুৰ স্মৃতি আমাৰ অন্তৰত আজিও আছে। তদুপৰি তেখেত আছিল আমাৰ অঞ্চলৰ প্ৰথম প্ৰতিষ্ঠিত গীতিকাৰ আৰু সংগীত শিল্পী। বৈশ্যদেৱ প্ৰকৃততে এগৰাকী আজন্ম শিক্ষক আছিল। তেখেতে আই, এচ. ছি. পাছ কৰাৰ পৰা অৰ্থাৎ ১৯৬২-৬৩ চনৰ পৰা মৃত্যুৰ সময়লৈকে ১৯৯৮ চনলৈ আছিল এগৰাকী শিক্ষক। মধ্যবিংশ শতিকাত অসমীয়া জাতিৰ ঘাই সমস্যা আছিল আধুনিক শিক্ষা বিস্তাৰ। সেয়ে সেই সময়ত স্বদেশ হিতৈষী লোক কিছুমানে অসমৰ গ্ৰামীণ অঞ্চলত বিশেষভাৱে মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এক শ্ৰেণী উচ্চ শিক্ষিত লোকে তুলনামূলক ভাবে ব্যক্তিগত উচ্চাকাংক্ষা (বিদ্যালয়বোৰ তেতিয়া ঘাটি মঞ্জুৰী অধীনত আছিল, তদুপৰি শিক্ষিত লোকসকলে সেই সময়ত সহজতে লোভনীয় চৰকাৰী