বান্দৰে নচা দেখিছানে? আনে নচুৱায় সি নাচে। তুমি কাকতখন বিৰক্তিত
পঢ়ি আছিলা, মই গম পাইছোঁ। যোৱা কেইদিনমান ধৰি মনৰ বিৰুদ্ধে এই
কামটো কৰি আছা। বেলেগে নচুৱালে তুমি নাচি থাকিবা নেকি? মানুহক না
বুলি ক'ব শিকা। মানুহক চিনিব শিকা। মানুহজন কাকতখন পঢ়িব পৰাকৈ
সুস্থ। সুবিধাবাদী মানুহৰ পৰা দূৰৈত থাকিবা।”
[ ৫ ]
ভাতৰ পাতত বহি একপ্ৰকাৰ চিঞৰি দিয়া অৱস্থা। মোৰ প্ৰিয় দাইল, ছয়াবিনৰ তৰকাৰী নাই। কেৱল আলু পিতিকাৰে ভাত খাব পাৰি নেকি? কাষতে পিতাই নিমখ তেলেৰে ভাত খাই থকাৰ পৰা মূৰ উঠাই মোৰ পিনে চালে “মাছ-মাংস সদায় খুৱাব পাৰো, কিন্তু মানুহে যিকোনো পৰিবেশতে চলিব পৰা হ'ব লাগে। যিদিনা একো নাথাকিব সেইদিনা কি খাবা? তুমি সময়ৰ সোঁতত চলিব লাগিব। মায়ে যি দিছে সেয়াই খোৱা। একো নথকা মানুহে কেনেকৈ খাই জীয়াই থাকে এবাৰ ভাবি চোৱা। জীৱন সোণৰ নহয়!”
প্ৰতিটো মুহূৰ্ততে যেন অভাৱ। এতিয়া প্ৰতিষ্ঠা লাভ কৰিছোঁ। ভাৰতৰ সৰ্বোত্তম প্ৰতিষ্ঠান তথা বিশ্বৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম TCSৰ উচ্চপদত পদাধীকাৰী। তথাপিও যেন অপূৰণীয় অভাৱ। হয়তো কাষতে থকাহেঁতেন একেলগে বহি বহুতো কথা পাতিলোহেঁতেন। বহু কথা শিকিলোহেঁতেন। হয়তো আশীৰ্বাদত জীৱনত আৰু কিছু আগবাঢ়িলোহেঁতেন। পিতাৰ অভাৱে খুউব আমনি কৰে। পিতাৰ কথা এষাৰ এই মুহূৰ্তত মনত পৰিছে; আবেলি পৰত পঢ়া সময়ত নপঢ়ি অবাবতে সময় নষ্ট কৰোতে কৈছিল, “বাল্বটো জ্বলি আছে। পোহৰৰ মূল্য বুজা নাই। এন্ধাৰ হোৱাৰ দিনা পোহৰ বিচাৰি হাবাথুৰি খাবা।”•
(লেখক প্ৰয়াত উমেশ বৈশ্যৰ তৃতীয় পুত্ৰ আৰু ভাৰতৰ সৰ্বোত্তম তথা বিশ্বৰ বহুজাতিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম TCSৰ Senior Manager, Human Resources.)