লৈছিল। সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী পিছলৈ ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ভুবনেশ্বৰী মিশ্ৰ, এম.ই. শাখাৰ প্ৰধান শিক্ষয়িত্ৰী ৰোহিনী শৰ্মা, শিক্ষয়িত্ৰী একাদিক্ৰমে ৰাণু দত্ত, শ্ৰীযুতা পুষ্প দাস, শ্ৰীযুতা মঞ্জু দেৱী, শ্ৰীযুতা আৰতি হাজৰিকা, শ্ৰীযুতা নিভা তালুকদাৰ তথা শিক্ষক গৌৰী দত্ত, শ্ৰীযুত ধৰ্মেশ্বৰ পাঠক আৰু অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত নিজৰ ব্যক্তিত্বৰ বাবে অতি কম সময়তে প্ৰিয়ভাজন হ’ব পাৰিছিল। বৈশ্যদেৱৰ সৰল ব্যক্তিত্ব আৰু বিভিন্ন দিশত থকা প্ৰতিভা সকলোৰে উষ্ণ আদৰণীয় আছিল।
তুমি আছিলা অতি সুন্দৰ
সুন্দৰতা যে তোমাৰ সৃষ্টি
মণি মুকুতাৰে সজাই
গঢ়িছিলা অমৰ স্তম্ভ।
কৰ্মময় জীৱনৰ অন্তিম ক্ষণত ৰুগ্নদেহ হলেও শিক্ষাদানত অপাৰগতা প্ৰকাশ নকৰি শ্ৰেণীকোঠালৈ ন-উদ্যমেৰে আগবাঢ়ি যোৱা প্ৰয়াত বৈশ্যদেৱ আছিল এজন প্ৰকৃত শিক্ষাগুৰু। ইচ্ছুক ছাত্ৰ-ছাত্ৰীক স্থান, কাল আৰু পৰিবেশলৈ লক্ষ্য নকৰি নিঃস্বাৰ্থই জ্ঞানৰ সম্ভাৰ যোগান ধৰিছিল। সেয়ে মেট্ৰিক পাছ কৰা সহধৰ্মিনীক বৈশ্যদেৱে মৃত্যুৰ কিছু বছৰ আগতে স্নাতকোত্তৰ ডিগ্ৰীলৈকে পটুৱাই এক বিৰল উদাহৰণ দাঙি ধৰিছিল। যিকোনো বিষয়ত পাঠদান কৰিবলৈ সদা প্ৰস্তুত বৈশ্যদেৱ জ্ঞানৰ পাৰ্গত আছিল। জ্ঞান দানত কৃপণালি বা সীমিত জ্ঞান দান তেখেতৰ বাবে আছিল এটি গুৰুতৰ অপৰাধ।
মুক্ত মনেৰে,
দক্ষতাৰে
তোমাৰ দীক্ষা
স্মৰণীয়—
সৰল প্ৰকৃতিৰ ব্যক্তি। নম্ৰতাক দিছিল অগ্ৰাধিকাৰ। কথোপকথন নম্ৰতা- বিহীনজন তেখেতৰ বাবে আছিল বৰ্জনীয়। খং উঠিলেও ব্যক্ত নকৰি নীৰৱতা অৱলম্বন কৰাটো আছিল তেখেতৰ প্ৰধান স্বভাৱ। সময় পালেই সাহিত্য চৰ্চা আৰু সংগীত চৰ্চাত নিজকে আত্মনিয়োগ কৰিছিল। বৈশ্যদেৱে কেইবাখনো মূল্যবান পুথি লিখিছিল যদিও বিভিন্ন কাৰণত প্ৰকাশ কৰিব পৰা নাছিল। অতি উচ্চমানৰ কবিতা আৰু ৰচনাৱলী সমূহ নিঃসন্দেহে এক মূল্যবান। সম্পদ। তেখেতে ৰচিত গীতসমূহ সঠিক ভাবে প্ৰচাৰ হ’লে নিশ্চয় ৰাইজৰ