পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰচনা মালিকা
প্ৰথম ভাগ
(বাৰ বছৰীয়া পাঠ্যক্ৰম অনুযায়ী
৫ম মানৰ বাবে)
লিখক– উমেশ বৈশ্য
প্ৰকাশনতঃ পূৰ্বাঞ্চল প্ৰকাশনী
গুৱাহাটী-১
১ম প্ৰকাশঃ ১৯৭৭ চন
গ্ৰন্থকাৰৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
মূল্যঃ ২.৫০ টকা মাত্ৰ
ছপাঃ শ্ৰীকালীশঙ্কৰ গুহ
সৰযূ প্ৰেছ, শ্ৰীৰামপুৰ, হুগলী


পাতনি

 ভাষাৰ কালিকা অটুট ৰাখি কুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ পাঠ্যপুথি লিখাটো সহজ কাম নহয়। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত দীৰ্ঘদিনৰ পৰিচয় নাথাকিলে ছাত্ৰ-ছাত্ৰীৰ মনঃপুত ফলপ্ৰসু পাঠ্যক্ৰম প্ৰস্তুত কৰাটো টান হৈ পৰে। মনঃপুত ফলপ্ৰসূ পাঠ্যক্ৰম সজাই তুলিব নোৱাৰিলে তেওঁলোকক সুশৃংখলৰূপে লক্ষ্যস্থানত তুলি দিয়াটোও সম্ভৱ হব নোৱাৰে। আজি দেখা গৈছে, প্ৰাইমাৰী স্কুলৰপৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় স্তৰলৈকে এক অসংলগ্ন ত্ৰুটিপূৰ্ণ, পাঠ্যক্ৰম চলি আছে। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত পোনপটীয়া ওতঃপ্ৰোত সম্বন্ধ নথকা শিক্ষকসকলৰ বিক্ষিপ্ত চিন্তাধাৰাৰে ৰচিত বিশৃঙ্খল পাঠ্যক্ৰমৰ পাঠ্যপুথিয়ে আজি দেশত বিস্তৰ ক্ষতিসাধন কৰিছে। অৱশ্যে চিন্তাশীলসকলে তথা চৰকাৰে লাহে লাহে এই কথা বুজি পাইছে আৰু এই দোষ দূৰীকৰণাৰ্থে চেষ্টা চলোৱাও দেখা গৈছে। আজি দেশৰ শীৰ্ষস্থানীয় মনোবৈজ্ঞানিক দাৰ্শনিক শিক্ষাবিদসকলে সমগ্ৰ দেশৰ বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰণালীবদ্ধ উপযোগী পাঠ্যক্ৰমৰ নিৰ্দেশ দিছে। এই পাঠ্যক্ৰমৰ ফলাফলো অদূৰ ভৱিষ্যতে দেখা পোৱা যাব। শিক্ষাবিদসকলৰ নিৰ্দেশ অনুসৰি আমাৰ অসমৰ মাধ্যমিক শিক্ষাবোৰ্ডেও মাধ্যমিক স্কুলৰ প্ৰতিটো শ্ৰেণীৰ বাবে ভিন ভিন পাঠ্যক্ৰম অনুমোদন কৰিছে।

 মাধ্যমিক শিক্ষা বোৰ্ডে পঞ্চম শ্ৰেণীৰ বাবে অনুমোদন কৰা ৰচনাৰ পাঠ্যক্ৰম অনুসৰি এই পুথিখনি লিখি উলিওৱা হৈছে। কুমলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বোধ শক্তিলৈ লক্ষ্য ৰাখি পুথিখনি যথাসম্ভৱ সৰল সহজ ভাষাৰে লিখাৰ চেষ্টা কৰা হৈছে। ৰচনা