সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

 আন এটা ঘটনা। দেউতাই ৰচনা কৰা কবিতা পুথি এখনৰ পাণ্ডুলিপি এটা তেওঁক (বেণুধৰ শৰ্মাক) দেখুৱাবলৈ লৈ গ'ল। তেওঁ অতি আগ্ৰহেৰে পাণ্ডুলিপিটো লৈ দেউতাক পিছত এদিন পাণ্ডুলিপিটো ঘূৰাই নিবলৈ মাতিলে। দেউতাই নিৰ্দিষ্ট দিনত তেওঁৰ ঘৰলৈ গ’ল। ঘৰ গৈ পোৱাত তেওঁ বৰ দুখ মনেৰে ক'লে, “তোমাৰ পৰা পাণ্ডুলিপিটো লৈ মই থৈ দিয়াৰ পিছৰে পৰা সেইটো ক'ৰবাত হেৰাল। মই এতিয়ালৈকে বিচাৰি পোৱা নাই। তুমি বেলেগ এদিন আহা।” পিছত তেখেতে গম পালে যে তেখেতৰ ঘৰত কাম কৰা ল’ৰাটোৱে পাণ্ডুলিপিটো পঢ়ি তাৰ গাৰুৰ তলত সুমুৱাই থৈছিল। এই কথাটোত তেখেতে বৰ আনন্দিত হৈছিল। দ্বিতীয়বাৰ যেতিয়া দেউতাই তেওঁৰ ওচৰলৈ গৈছিল তেওঁ কৈছিল, “মোৰ ঘৰত কাম কৰা ল'ৰাটোৱেই যেতিয়া তোমাৰ লিখনি পঢ়ি গাৰুৰ তলত সুমুৱাই থৈছে মই আৰু বেলেগকৈ কোৱাৰ দৰকাৰ নাই। তোমাৰ লিখনি ৰাইজে আদৰি ল’বই।”

 দেউতাৰ ‘অশান্ত জন্মভূমি’ আৰু ‘ মিলন’ এই দুয়োখন কবিতা পুথিতেই তেখেতে (বেণুধৰ শৰ্মাই) অতি স্পষ্ট আৰু গঠনমূলক অভিমত লিখি দিয়াৰ উপৰিও দেউতাৰ বহুতো মূল্যবান প্ৰৱন্ধ হাতেলিখা অৱস্থাতে পঢ়ি দেউতাক উৎসাহিত কৰিছিল। তেখেতৰ ‘মৰমৰ কাৰেং’ নামৰ গল্প পুথিখন দেউতাই বিৰুবাৰীৰ ঘৰত স্থাপন কৰা প্ৰেছটোত ছপাইছিল আৰু লেখকৰ ক'বলগীয়া শিতানটোত দেউতাৰ সাহিত্য সৃষ্টি তথা চৰ্চাৰ প্ৰতি থকা ধাউতিৰ কথা খুউব সুন্দৰভাৱে উল্লেখ কৰিছিল।

 এইদৰে স্কুলীয়া অৱস্থাৰ পৰাই মহান গুণী ব্যক্তিসকলৰ আশীৰ্বাদ- সান্নিধ্য লাভ কৰি দেউতাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰকাশিত/অপ্ৰকাশিত অসংখ্য কবিতা, গীত, গল্প, প্ৰবন্ধ, পাঠ্যপুথি, কবিতা- গীতৰ পুথি আদি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে তেখেতৰ কিছু প্ৰকাশিত/অপ্ৰকাশিত প্ৰৱন্ধৰ সংকলন ‘সুৰ বিচাৰি বাৰ বছৰ’ ২০১৫ চনত অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী বাণী প্ৰকাশে প্ৰকাশ কৰে।

 সাহিত্যৰ সমান্তৰালভাৱে নৱম শ্ৰেণীৰ পৰাই দেউতাই বিজ্ঞানসন্মত ভাৱে শাস্ত্ৰীয় সংগীত চৰ্চাৰ আৰম্ভণি কৰে। উল্লেখযোগ্য যে তাৰ আগতে নলবাৰীত বিজ্ঞানসন্মতভাৱে সংগীত চৰ্চাৰ আৰম্ভণি হোৱাই নাছিল। দেউতাৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য আছিল এয়ে যে তেওঁ সদায় ন-ন সৃষ্টিত গুৰুত্ব